ধুবুৰী, 8 অক্টোবৰ : আজি ধুবুৰীত উপস্থিত হয় এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল ৷ ধুবুৰীত উপস্থিত হৈ আজমলে সংবাদ মাধ্যমৰ আগত ৰাজনৈতিক আৰু অৰাজনৈতিক বিভিন্ন দিশ সন্দৰ্ভত মন্তব্য কৰে । উল্লেখ্য যে, ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাতিপুৱা প্ৰায় এঘাৰ বজাৰ পৰা সন্ধিয়া লৈকে অনুষ্ঠিত হোৱা দিছা মিটিঙত জিলা উপায়ুক্ত আৰু প্ৰতিটো সমষ্টিৰ বিধায়কৰ উপস্থিতিত জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থাকে ।
উক্ত সভাত উপস্থিত থাকি সাংসদ গৰাকীয়ে প্ৰতিটো বিভাগৰ উন্নয়নমূলক আঁচনিৰ খতিয়ান সংগ্ৰহ কৰে । ইয়াৰ পাচতেই সন্ধিয়া ধুবুৰী আৱৰ্ত ভৱনত সাংবাদিকৰ আগত জিলাখনৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে আজমলে । অসমত কংগ্ৰেছ এ আই ইউ ডি এফকে ধৰি বিৰোধী দলসমূহক লৈ গঠন হ'বলগীয়া বিজেপি বিৰোধী মহাজোট বন্ধন প্ৰসংগত মন্তব্য কৰে আজমলে ৷ তেওঁ কয় যে, মহাগোট বন্ধন হ'ব আৰু নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহক মহাগোট বন্ধনত একত্ৰিত হ'বলৈ আহ্বান জনায় আজমলে ৷
এতিয়ালৈকে কংগ্ৰেছৰ সৈতে আসন বুজাবুজি হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী প্ৰসংগত আজমলে কয় যে, এ আই ইউ ডি এফৰ পৰা কোনো মুখ্যমন্ত্ৰী নহয় ৷ লগতে তেওঁ কয় যে, কংগ্ৰেছৰ পৰা যিজন ব্যক্তিকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হ'ব সেইজনকে এ আই ইউ ডি এফে সমৰ্থন আগবঢ়াব ।
ইপিনে মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি দিয়া উদাত্ত ভাষণ সম্পৰ্কে আজমলে কয়, "হিমন্তৰ বেমাৰটো এতিয়া বেছি হৈছে । বিজেপি নেতা ৰাম মাধুৱে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ আগমুহূৰ্তলৈকে হিমন্তই এশটা আসন লাভ কৰাৰ কথা কৈছিল যদিও ৰাম মাধৱৰ ঘোষণাৰ পিছতেই হিমন্তৰ বেমাৰটো বেছি হৈছে আৰু আবোল তাবোল কৈ আছে ৷"

আনহাতে, আৰবী ভাষাৰ এখন বেনাৰ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজমলে কয়, "এক এন জি অ'ৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত হৈছিলোঁ । কিন্তু মই বেনাৰখন লক্ষ্য কৰা নাছিলোঁ । যদিও পিছত গম পাই ফোনযোগে বেনাৰ খন আঁতৰাই অসমীয়া ভাষাৰ বেনাৰ লগোৱাৰ বাবে নিৰ্দেশনা দিছিলো এন জি অ'ৰ ৷"

ইপিনে জলেশ্বৰ গ' বেগ ধ্বনি দিয়া প্ৰসংগ উত্থাপন কৰি আজমলে কয় যে, একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে বিধায়কক বেয়া পাই গ' বেগ ধ্বনি দিছে । লগতে এই সন্দৰ্ভত দলীয়ভাৱে অনুসন্ধান কৰি থকা হৈছে বুলি উল্লেখ কৰে সাংসদ আজমলে ।

লগতে পঢ়ক : বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতে হাত মিলালে চিপিআই(এম)য়ে