ETV Bharat / state

Farming in Dhemaji:পাচলি খেতিৰে স্বাৱলম্বী ধেমাজিৰ শিক্ষিত যুৱকৰ

author img

By

Published : Aug 4, 2023, 8:23 PM IST

পাচলি খেতিৰে স্বাৱলম্বী ধেমাজিৰ প্ৰণৱ দত্তৰ । চাকৰি অবিহনেও খেতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ নিদৰ্শন এইজন যুৱকৰ ।

Farming in Dhemaji
পাচলি খেতিৰে স্বাৱলম্বী

ধেমাজি, ৪ আগষ্ট: বিদ্যালয়ৰ এৰাবাৰীত সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগেৰে পাচলি খেতি কৰি স্বাৱলম্বী হৈছে ধেমাজিৰ শিক্ষিত যুৱকে ৷ পাচলিৰ মূল্যবৃদ্ধিয়ে খেতিৰ প্ৰতি আকৃষ্ট কৰিলে যুৱকজনক । নিজৰ মাটি নাথাকিলেও আনৰ বাকৰি মাটিতে খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে দহজনক জীয়াই থকাৰ পথ প্ৰদশৰ্নক হ'ব পাৰে বুলি প্ৰমান কৰিলে প্ৰণৱ দত্ত নামৰ যুৱকজনে ৷

পাচলি খেতিৰে স্বাৱলম্বী

ধেমাজি জিলাৰ মাছখোৱা ১নং বৰাজান ধিপগুৰি অঞ্চলৰ প্ৰণৱ দত্ত নামৰ যুৱকজনে পাচলিৰ বৰ্ধিত মূল্যবৃদ্ধিক লৈ অৱশেষত ব্যক্তিগত প্ৰতিষ্ঠানৰ চাকৰি ত্যাগ কৰি কৃষিত মনোনিৱেশ কৰিবলৈ থিৰাং কৰে ৷ মন থাকিলে ই ছন বাকৰি মাটিতেই ধন ৷ খেতি কৰিবলৈ নিজৰ মাটি নথকা সত্বেও গাঁৱৰে চৰকাৰী বিদ্যালয়ৰ নামত এনে পৰি ৰোৱা ৯ বিঘা মাটি অনুমতি সাপেক্ষে বিগত বছৰৰ পৰা আৰম্ভ কৰিলে পাচলি খেতি ৷ বৰ্তমান প্ৰণৱৰ বাৰীত আছে জিকা,কোমোৰা,লাই,মূলা,অমিতা আদি ৷

লগতে পঢ়ক:Meenakshi Lekhi ED warning controversy : সদনত বিৰোধীক ইডিৰ অভিযানৰ ভাবুকি কেন্দ্ৰীয় মন্ত্ৰী মিনাক্ষী লেখীৰ

ইতিমধ্যে বজাৰলৈ উলিয়াই দি শেষ হৈছে জিকা আৰু মূলা ৷ লাই চিঙিবলৈ আৰম্ভ কৰিছে ৷ মাজে মাজে আছে বিলাহী গছ,ভোট জলকীয়া পুলি ৷ উদ্যমী যুৱকজনৰ কাম কৰাৰ স্পৃহা দেখি ধেমাজি কৃষি বিভাগৰ দুই এজন বিষয়াই আহি প্ৰনৱক বিনামূলীয়া কিছু জৈৱিক সাৰ,পলিথিন আদি দি উৎসাহিত কৰিছে ৷

লগতে পঢ়ক:Nusrat Jahan Fraud Allegation : কলকাতা আৰক্ষীৰ তদন্তত নুছৰত জাহানৰ বিৰুদ্ধে অভিযোগৰ প্ৰমাণ লাভ

প্ৰণৱক বিভাগে পাৱাৰটিলাৰ আৰু কৃষি সজুঁলি যোগান ধৰিলে নিশ্চয় আৰু অধিক সফল হ'ব পাৰিব ৷ চৰকাৰী চাকৰি অবিহনেও কেৱল খেতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলি দৃঢ়তাৰে কয় প্ৰণৱে ৷ ইপিনে,ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আমদানিকৃত পাচলি স্বাস্থ্যৰ বাবে অতি হানিকাৰক বুলিও উদ্বেগ প্ৰকাশ কৰে যুৱ কৃষকগৰাকীয়ে ৷

লগতে পঢ়ক:Robotic Surgery: ৰবটিক অস্ত্ৰোপচাৰ সন্দৰ্ভত জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.