ETV Bharat / state

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি,বন্ধ নাও চলাচল

author img

By

Published : Jul 11, 2019, 11:35 PM IST

জোনাইৰ লগতে অৰুণাচলত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত প্লাৱিত হৈছে জোনাই অঞ্চল ৷ মহকুমাটোৰ বান পৰিস্থিতিলৈ চাই নাও চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনাইছে ধেমাজি জিলা প্ৰশাসনে

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি, নাও চলাচল বন্ধ ৰখাৰ জাননী প্ৰশাসনৰ

জোনাই,11 জুলাইঃ ভৰ-বাৰিষাত ফেনে ফোটোকাৰে ব্ৰহ্মপুত্ৰ ওফন্দি উঠাত এতিয়া কালৰূপ লৈছে নৈ-উপনৈসমূহে। বিভিন্ন স্থানত মথাউৰি,পথ ভাঙি পানী সোমোৱাৰ ফলত হাহাকাৰ বন্যাৰ্তৰ ৷ কিছু দিনৰ পৰা জোনাইৰ লগতে অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইৰ নদ নদীসমূহৰ পানী ওফন্দি অহাৰ লগতে বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ মহকুমাটোৰ লালী,চিমেন,চিলে,চিয়াং,ডিখাৰী,ডেকা,চিকাৰী আদি নৈসমূহৰ পানীয়ে মহকুমাটোৰ ন ন ঠাই প্লাৱিত কৰাৰ লগতে গৰা খহনীয়াই পৰিস্থিতি জটিলৰ পৰা জটিল কৰি তুলিছে ৷

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি, নাও চলাচল বন্ধ ৰখাৰ জাননী প্ৰশাসনৰ

জোনাইৰ ১২১খন গাওঁ বানৰ কবলত পৰা লগতে ৩৫২০ হেক্টৰ কৃষি ভূমিৰ লগতে ৪৭,০২২ জন লোক বানত ক্ষতিগ্ৰস্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এতিযা লৈ কোনো ধৰণৰ বান সাহাৰ্য শিবিৰ স্থাপন কৰা নাই যদিও অপৰিৱৰ্তিত পৰিস্থিতি লৈ চাই নিশাৰ ভাগত বান শিবিৰ স্থাপন কৰিব লগা সম্ভাৱনাই দেখা দিছে ৷ আনহাতে মহকুমাটোৰ বান পৰিস্থিতিলৈ চাই ধেমাজি জিলা প্ৰশাসনে নৈ পৰীয়া ৰাইজক নাৱৰ চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ কামাখ্যাত ভূমিস্খলন

Intro:nullBody:প্ৰশাসনৰ জাননী নাও বুড, আদিৰ চলাচল বন্ধ ৰাখক ৷

জোনাইত অপৰিৱৰ্তী বান পৰিস্থিতি ৷

জোনাই ১১ জুলাইঃ-
ভৰ বাৰিষাত ফেনে ফোটোকাৰে ব্ৰহ্মপুত্ৰ ওফন্দি উঠাত এতিয়া কালৰূপ লৈছে নৈ-উপনৈসমূহেও। বিভিন্ন স্থানত মথাউৰি, পথ ভাঙি সোমাইছে পানীৰ ধল। ফলত হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই।
আজি কিছু দিনৰ পৰা জোনাইৰ
লগতে অৰুণাচলত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত জোনাইৰ নদ নদীসমুহ ফেনেফুচুকাই ওফন্দি আহাৰ লগতে বাউনী পানীয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে ৷ মহকুমাটোৰ লালী, চিমেন,চিলে,চিয়াং,ডিখাৰী,
ডেকা,চিকাৰী আদি নৈসমুহৰ বউনী পানীয়ে মহকুমাটোৰ নিতৌ ন ন ঠাই প্লাৱিত কৰা লগতে গৰা খহনীয়াই পৰিস্থিতি জটিলৰ পৰা জটিল কৰি তুলিছে ৷ ইপিনে চিয়াং নদীৰ বাউনী পানীয়ে জোনাই কবু চাপৰি অঞ্চল সম্পুৰ্ণ প্লাৱিত কৰিছে ৷ বাতৰি লিখা পৰলৈ জোনাইৰ ১২১ গাওঁ বানৰ কবলত পৰা লগতে ৩৫২০ হেক্টৰ কৃষি ভুমিৰ লগতে ৪৭,০২২ জন লোক বনত ক্ষতিগ্ৰস্থ হৈছে ৷ ইয়াৰ উপৰিও ১৮১০টা পোহনীয়া জীৱ জন্তু ৬২১ টা পখী বানৰ কবলত পৰিছে ৷
এতিযা লৈ কোনো ধৰণৰ বান সাহাৰ্য় শিৱিৰ স্থাপন কৰা নাই যদিও অপৰিৱৰ্তী পৰিস্থিতি লৈ চাই নিশাৰ ভাগত বান শিৱিৰ স্থাপন কৰিব লগা হোৱাৰ সম্ভনাই দেখা দিছে ৷ আনহাতে মহকুমাটোৰ বান পৰিস্থিতিলৈ চাই ধেমাজি জিলা প্ৰশাসনে নৈ পৰীয়া ৰাইজক নৈ,বিলৰ জলপথেৰে নাও,যন্ত্ৰ চালিত নাও আদিৰে মাছমৰাকে আদি কৰি চলাচল কৰা কাৰ্য বন্ধ ৰাখিবলৈ আহ্বান জনাইছে ৷

কৰবী দলে জোনাই Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.