ETV Bharat / state

MLA Bhubon Pegu: জোনাইৰ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ঘূৰিছে বিধায়ক ভূৱন পেগু

জোনাইৰ শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ আৰু আন্তঃগাঁথনিমূলক দিশ পৰিদৰ্শ বিধায়ক ভূৱন পেগুৰ ৷ উদ্বোধন কৰিলে কেইবাখনো আঁচনিৰ আধাৰশিলা ৷

MLA Bhubon Pegu
জোনাইৰ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ঘূৰিছে বিধায়ক ভূৱন পেগু
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:27 PM IST

জোনাইৰ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ঘূৰিছে বিধায়ক ভূৱন পেগু

জোনাই, 21 ছেপ্টেম্বৰ : জোনাইৰ বিধায়ক ভূৱন পেগুৰ বিশেষ তৎপৰতা ৷ জোনাই মহকুমাৰ বিভিন্ন শিক্ষানুষ্ঠানত উপস্থিত হৈ শৈক্ষিক পৰিৱেশৰ বুজ ল’লে বিধায়ক ভূৱন পেগুৱে ৷ জোনাই সমষ্টিৰ অন্তৰ্গত ডেকাপাম লাইমেকুৰী, গালি, ৰাজাখানা, জোনাই আদিত থকা শৈক্ষিক পৰিৱেশ আৰু আন্তঃগাঁথনিমূলক দিশ পৰিদৰ্শন কৰে ৷ লগতে বিভিন্ন স্থানত উন্নয়নমূলক নতুন আঁচনিৰ আধাৰশিলা আৰু তিনিটা নৱনির্মিত ভৱনৰ শুভ উদ্ধোধন কৰে বিধায়ক পেগুৱে ৷

ইয়াৰে প্ৰথম কাৰ্যসূচীত ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনির্মিত অতিৰিক্ত শ্ৰেণীকক্ষ শুভ উদ্বোধন কৰে বিধায়ক ভূৱন পেগুৱে । উদ্বোধনী সভাত বিধায়কগৰাকীয়ে কয় যে, বিদ্যালয়খনে উৎকৃষ্ট শিক্ষা প্ৰদানেৰে অঞ্চলটোৰ এক যোগাত্মক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ ইয়াৰ পিচতে লাইমেকুৰী মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশ পৰিদৰ্শন কৰি মহাবিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক আৰু ছাত্র-ছাত্রী সকলৰ সৈতে মত বিনিময় কৰে ৷

এই মত বিনিময়তে ছাত্র-ছাত্রীসকলক বৌদ্ধিকৰ লগতে শাৰীৰিক বিকাশৰ ক্ষেত্রতো সমানে মনোনিবেশ কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক উত্‍সাহিত কৰাৰ উদ্দেশ্যে যাৱতীয় সামগ্রী প্ৰদানৰ ঘোষণা কৰি প্ৰতিজন ছাত্র-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে দৃঢ়প্রতিজ্ঞ ৷ এই লক্ষ্য বাস্তৱত ৰূপায়িত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷

আনহাতে, জোনাইৰ গালিস্থিত গালি হাই স্কুলৰ নৱনির্মিত স্মার্ট ক্লাছৰ শ্ৰেণীকক্ষ শুভ উদ্বোধন কৰে বিধায়ক ভূৱন পেগুৱে ৷ ইয়াৰোপৰিও বিধায়কগৰাকীয়ে ৰাজাখানা হাইস্কুলৰ শ্ৰেণীকোঠা আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ চৌহদৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি অসম-অৰুণাচল সীমান্তৱৰ্তী কেমি জেলমৰ আশে-পাশে থকা গাঁওসমূহ পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: CM felicitation letter: ধেমাজিত মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰৰ পৰা উপেক্ষিত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.