নগাঁও, 28 ডিচেম্বৰ : ভূমিৰ অধিকাৰ বিচাৰি ধেমাজি জিলাৰ গোগামুখ কঁপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদানৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সোমবাৰে গোগামুখত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৃষক সংগঠনটোৱে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত কেবাসহস্ৰাধিক লোকে পশ্চিম পাৰ্বতীপুৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পথ সমদল কৰি গোগামুখ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ ৷
ধেমাজি জিলাৰ ভূমিহীন খিলঞ্জীয়া লোকক অতি শীঘ্ৰেই মাটিৰ পট্টা প্ৰদানৰ দাবী উত্থাপন কৰে প্ৰতিবাদৰ জৰিয়তে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্কো ডি শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰ, বিতু সোণোৱাল, ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ নেতৃত্বত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ভূমিৰ পট্টা প্ৰদানৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
খিলঞ্জীয়াক ভূমিৰ পট্টা দিয়াৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে পুঁজিপতি কোম্পানীকহে মাটি দিয়াৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ৷ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান নকৰিলে চৰকাৰখনে আগন্তুক নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে ৷ লগতে CAA আন্দোলনত জড়িত হৈ বিগত এটা বছৰে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে মুক্তি নিদিলে অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ৷
লগতে পঢ়ক: কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট