জোনাই,5 ডিচেম্বৰ: জোনাই মহকুমাৰ মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই বজাৰ গাঁও পঞ্চায়তৰ ৰত্কে গাঁৱত শুকুৰবাৰে উদ্বোধন কৰা হয় এটা মূৰংঘৰৰ ৷ চতুৰ্দশ বিত্তীয় আয়োগ ২০১৯-২০ ৰ প্ৰথম কিস্তিৰ পুঁজিৰে মুঠ ৯ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় এই মূৰংঘৰখন ৷ ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ জনপ্ৰিয় তথা অসমৰ ভিতৰতে শ্ৰেষ্ঠ বিধায়কৰ সন্মান পোৱা বিধায়ক ভূৱন পেগু আৰু 114 নং লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই যুটীয়াভাৱে উদ্বোধন কৰে এই মূৰংঘৰখন ৷ উক্ত উদ্বোধনী অনুষ্ঠানত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা 'সন্মিলিত গণশক্তি,অসম' দলৰ জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং আৰু ধেমাজি জিলাৰ ৭ নং পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু উপস্থিত থাকে ৷
ইয়াৰোপৰি, এখন সভাৰো আয়োজন কৰা হয় এই অনুষ্ঠানত ৷ মুকলি সভাখনত মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী দলে, জোনাই বজাৰ গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বড়ি, আঞ্চলিক পঞ্চায়তৰ সদস্য কমলা শৰ্মা, বাহিৰ জোনাই আঞ্চলিক পঞ্চায়তৰ সদস্য ত্ৰৈলোক্য সোণোৱাল, ধেমাজি জিলা পৰিষদৰ মুখ্য-কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীৰ লগতে বহুতো গণ্য-মান্য ব্যক্তিয়েও অংশগ্ৰহণ কৰে ৷ সভাত উদ্বোধনী ভাষণ দি সাংসদ প্ৰদান বৰুৱাই কয় যে, ''সুদক্ষ, সৎ আৰু ৰাইজৰ মৰমৰ বিধায়ক ভূৱন পেগুৰ কাৰ্যকালত যিহেতু জোনাই সমষ্টিৰ চুকে-কোণে উন্নয়নৰ ঢৌ উঠিছে, গতিকে অনাগত দিনবোৰতো ৰাইজৰ কাম কৰিব পৰাকৈ বিধায়ক গৰাকীক সুযোগ দিবলৈ ৰাইজক আহ্বান জনায় ৷"
উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত বিধায়ক ভূৱন পেগুৱে আটকধুনীয়া মূৰংঘৰখন দেখি আপ্লুত হয় বুলি মত প্ৰকাশ কৰে ৷ মূৰংঘৰখন চাফ-চিকুণকৈ ৰাখিবলৈ সভাপতি গৰাকীক অনুৰোধ জনায় ৷
অন্য এক খবৰৰ বাবে: অহা বিধান সভা নিৰ্বাচনত অসমৰ পৰা নিঃশেষ হ’ব বিজেপি দল: চন্দন ব্ৰহ্ম