ETV Bharat / state

বনভোজস্থলীত ব্যতিক্ৰমী ছবি, শুনা গ'ল হৰিনামৰ ধ্বনি

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 1:42 PM IST

Picnic in Dhemaji: বনভোজৰ নামত সৃষ্টি হোৱা উশৃংখল পৰিৱেশৰ বিপৰীতে এখন শান্ত সমাহিত ছবি । পশ্চিমীয়া সুৰৰ সংগীতৰ বিপৰীতে হৰিনামৰ ধ্বনিৰে মুখৰিত বনভোজস্থলী । অসমীয়া সাজপাৰ পৰিধান কৰি বনভোজস্থলীত গ্ৰহণ কৰিলে পৰম্পৰাগত খাদ্য ।

Exceptional picnic party in Dhemaji
বনভোজস্থলীত ব্যতিক্ৰমী ছবি
বনভোজস্থলীত ব্যতিক্ৰমী ছবি

ধেমাজি,২ জানুৱাৰী: পুৰণি বছৰটোক বিদায় দি নতুনক আদৰাত ব্যস্ত সকলো । নৱবৰ্ষক আদৰাৰ ক্ষণত লোকে লোকাৰণ্য হৈ পৰিছে বনভোজস্থলীসমূহ । প্ৰকৃতিৰ মনোৰম কোলাত এসাজ খোৱাৰ উদ্দেশ্যৰে সুন্দৰ স্থানৰ সন্ধানত ঢাপলি মেলিছে ৰাজ্য বিভিন্ন প্ৰান্তৰ লোক । নাচি-বাগি এসাজ খাই আনন্দত মছগুল হৈছে সকলো । ইয়াৰ মাজতে এখন ব্যতিক্ৰম ছবি। সাধাৰণতে বনভোজ বুলি ক'লে আমাৰ মনলৈ আহে উচ্চ প্ৰাৱল্যত সংগীতৰ লহৰ, উভৈনদী মাছ-মাংসক আদি কৰি বিধে বিধে বঞ্জনেৰে ভৰা কেৰাহীৰ এখন ছবি ৷ পিছে বনভোজথলীত এক সুকীয়া দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ধেমাজিত ৷

অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ জীয়াঢলমুখলৈ বিগত বছৰৰ দৰে এইবেলিও পহিলা জানুৱাৰীৰ পৰা বনভোজকাৰী দলৰ সমাগম ঘটিছে ৷ বিভিন্ন দলে কেৰাহীত বিধে বিধে মাছ-মাংস ৰন্ধনত ব্যস্ত থকাৰ সময়তে আন এটা বনভোজকাৰী দলে জুইত পুৰিছে চুঙা চাউল ৷ প্ৰস্তুত কৰি পায়স আদিৰ লগতে বিধে বিধে অসমীয়া জা-জলপান ৷ তদুপৰি চাহৰ লগত তিলৰ লাৰু, নাৰিকলৰ লাৰু, তেল পিঠা, তিল পিঠা আদি ৷

এই সকলো জা-জলপান নৈবদ্য হিচাপে প্ৰকৃতিৰ বুকুত আগবঢ়াই এটাৰ পিছত আনটো দিহানাম পৰিৱেশন কৰি জীয়াঢল মুখৰ অসম-অৰুণাচল পাহাৰ মুখৰিত কৰি তুলিলে বনভোজকাৰী দলটোৱে ৷ ধেমাজিৰ বিষ্ণুপুৰ পঞ্চায়তৰ জামুগুৰি লক্ষীপথাৰ গাঁৱৰ এই বনভোজকাৰী দলে ব্যতিক্ৰমীভাৱে এইদৰে বনভোজ খাই আদৰিলে নতুন বছৰটোক ৷ বনভোজকাৰী দলটোৰ পুৰুষ-মহিলা সকলোৱে সম্পূৰ্ণ পৰম্পৰাগত পোচাক পৰিধান কৰি অসমীয়া সু-স্বাদু জা-জলপান গ্ৰহণ কৰিয়েই পাহাৰৰ বুকুত আমেজ লোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিন, লোকে লোকাৰণ্য মহোৎসৱস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.