ETV Bharat / state

Third Biennial Session of UBPR : সামৰণি পৰিল ইউবিপিঅ‘ৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:23 AM IST

বাগুৰুম্বা নৃত্যত উখল-মাখল মোহনপুৰ পথাৰ ৷ সামৰণি পৰিল ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন ৷

Third Biennial Session of UBPR
বাগুৰুম্বা নৃত্যত উখল-মাখল মোহনপুৰ পথাৰ

বাগুৰুম্বা নৃত্যত উখল-মাখল মোহনপুৰ পথাৰ

জোনাই, ৬ নৱেম্বৰ : শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩ নং মোহনপুৰ বড়ো প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন ৷ দেওবাৰে এই অধিৱেশনৰ সফল সামৰণি পৰে । অধিৱেশনৰ দ্বিতীয় দিনা (দেওবাৰ) পুৱা ৮ বজাত পতাকা উত্তোলন কৰে ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজু বসুমতাৰীয়ে ।

পুৱা ৮:৩০ বজাত শ্বহীদ তৰ্পণ কৰে ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ উপ সভাপতি জিতেন বড়োয়ে । দিনৰ ১১ বজাৰ পৰা ৰাজু বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখন উদ্বোধন কৰে বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ৷

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত তেওঁ কয়, ‘‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়োসকলৰ সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ লক্ষ্যত বড়োলেণ্ড আন্দোলনৰ সূচনা হৈছিল ৷ বড়োসকলৰ ভৱিষ্যত দ্ৰষ্টা বডোফাই সোণকোষৰ পৰা শদিয়ালৈকে বড়োলেণ্ড আৰু দক্ষিণ পাৰৰ জনজাতি অধ্যুষিত অঞ্চলক সাঙুৰি নীলাচল দাবী জনাইছিল’’ ৷

তেওঁ কয়, ‘‘বড়োসকলে গণতান্ত্ৰিক আন্দোলন কৰাৰ উপৰি সশস্ত্ৰ সংগ্ৰামৰ পথো ল'ব লগা হৈ আহিছে । ২০০৩ চনত বিএলটিৰ নেতৃত্বত কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং জিলাক সামৰি বিটিচি চুক্তি স্বাক্ষৰ হৈছিল যদিও বিটিএডিৰ বাহিৰৰ বড়োসকল বিটিচিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হয়’’ ।

বিটিএডিৰ বাহিৰৰ দহ লক্ষধিক বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক,ভূমিৰ অধিকাৰ আদিৰ সৰ্বাংগীণ বিকাশৰ বাবে ২০১৪ চনত ইউবিপিঅ গঠন কৰা হৈছিল ৷ ইউবিপিঅৰ নেতৃত্বত বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দাবীত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হয় । ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ ফলশ্ৰুতিত ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবিৰ চাৰিটা গোট, এবছু আৰু ইউবিপিঅৰ মাজত তৃতীয় বড়ো শান্তি চুক্তি তথা বিটিআৰ সম্পাদিত হয় ৷

বিটিআৰ চুক্তিৰ ৫.১ দফাৰ অধীনতব ড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয় যদিও ইয়াৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই । বিকেডব্লিউএচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি ইয়াক এখন শক্তিশালী আৰু পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ হিচাপে গঢ় দিবলৈ চৰকাৰে যথাসম্ভৱ শীঘ্ৰে পদক্ষেপ লোৱা উচিত বুলি ভাষণত কয় বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ।

এই মুকলি সভাত মুখ্য অতিথি হিচাপে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, ‘‘জাতীয়তাবাদ শক্তিশালী হ'বলৈ এটা জাতি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা প্ৰয়োজন ৷ উঠি অহা প্ৰজন্মই গুণগত মানদণ্ডৰ শিক্ষা গ্ৰহণত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ দক্ষতা বিকাশৰ জৰিয়তে প্ৰত্যেকেই কৰ্ম-সংস্কৃতিত আত্মনিয়োগ হ'ব লাগিব ৷ জাতিটোৰ মাজত থকা সম্পদ আৰু সম্ভাৱনীয়তাখিনি উলিয়াই বহনক্ষম উৎপাদনশীল জাতিত পৰিণত কৰিব লাগিব’’ ।

এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰীয়ে নিজৰ নিজৰ ভাষণত জাতীয় ঐক্য আৰু চিন্তা, চেতনাক শক্তিশালী কৰি শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশৰ উত্তৰণৰ বাবে সকলোৱে প্ৰয়াস চলাব লাগিব বুলি বক্তব্য আগবঢ়ায় ।

বিশিষ্ট অতিথি হিচাপে এছবি বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো, আবৌফৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদিকা সৌমশ্ৰী বড়ো, বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী, ইউবিপিঅৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, শুক্ৰেশ্বৰ গয়াৰী,জিএনএছএমৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল, বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি চবিন স্বৰ্গীয়াৰী ৷

এওঁলোকৰ লগতে এছবি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ বসুমতাৰী, বিটিআৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী, বিটিআৰ বাহিৰৰ আত্মসমৰ্পণকাৰীএনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী, ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম, সম্পাদিকা প্ৰাণজিতা বড়ো উপস্থিত থাকে ৷

লগতে উপস্থিত থাকে ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী, চিমেন চাপৰি বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদ্ধেশ্বৰ দৈমাৰী, চিমেন চাপৰি ইউএন একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী ৷

ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়ো,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী,ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী, এবছু, আবৌফ, বাথৌ মহাসভা, ব্ৰহ্ম ধৰ্ম সমিতি, চিমেন চাপৰি, ডেকাপাম আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক, টিএমপিকেৰ অৱাং জোনাই আঞ্চলিক সমিতিৰ সভাপতি কিৰিশ পাতিৰ,কেবাগৰাকী শিক্ষক, জনপ্ৰতিনিধিও উক্ত সভাত উপস্থিত থাকে ।

দেওবাৰে সন্ধিয়া ৬ বজাত পুৰণ গয়াৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে ইউবিপিঅৰ সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্মই । অনুষ্ঠানত সানজাৰি নৌগৌৰৰ শিল্পীসকলে গীত পৰিৱেশন কৰি ৰাইজৰ আমোদ দিয়ে । অধিৱেশনৰ শনিবাৰে পুৱা ৭:৩০ বজাত মূল তোৰণ উন্মোচন কৰে এছবি বড়ো হাইস্কুলৰ সহকাৰী শিক্ষক শৈলেন্দ্ৰ বড়োয়ে ।

পুৱা ৭:৪৫ বজাত সীতানন্দ বসুমতাৰী সোঁৱৰণী মূল মণ্ডপৰ উদ্বোধন কৰে ডেকাপাম গাঁও পঞ্চায়তৰ সভানেত্ৰী সুমিতা মুছাহাৰীয়ে । পুৱা ৮ বজাত শেৱালি বসুমতাৰী সোঁৱৰণী অতিথিশালাৰ উদ্বোধন কৰে প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰফুল্ল বড়োয়ে । পুৱা ৮:১৫ বজাত কন্দল মুছাহাৰী সোঁৱৰণী প্ৰতিনিধি সভাকক্ষৰ উদ্বোধন কৰে ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰীয়ে ।

পুৱা ৮:৩০ বজাত বিনয় দৈমাৰী সোঁৱৰণী ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে এমএচিৰ ই এম মলেন্দ্ৰ নাৰ্জাৰীয়ে । পুৱা ৮:৪৫ বজাত মাধৱ চন্দ্ৰ বড়ো সোঁৱৰণী ভোজনালয়ৰ উদ্বোধন কৰে এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰীয়ে ।

পুৱা ৯ বজাত গছপুলি ৰোপণ কৰে ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি ৰবীণ বড়োয়ে । পুৱা ১০ বজাত ভলীবল প্ৰতিযোগিতা আৰম্ভ । বিয়লি ২ বজাত প্ৰতিনিধি পঞ্জীয়ন, বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত কৰা প্ৰতিনিধি সভাখন উদ্বোধন কৰে ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাংকৰ নাৰ্জাৰীয়ে ।

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, এছবি বড়ো হাইস্কুলৰ সহকাৰী শিক্ষক ফাগুন মুছাহাৰীয়ে ।

লগতে পঢ়ক : Death Anniversary of Bhupen Hazarika: দীঘলীপুখুৰীৰ পাৰত 10 হাজাৰ বন্তি জ্বলাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.