ETV Bharat / state

জনগোষ্ঠীয় লোকৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব মুখ্যমন্ত্ৰীয়ে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে ধেমাজিত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ গোগামুখত এটা অতিথিশালা, ৰিৰ্চাজ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প থলীত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

community development
জনগোষ্ঠীয় বিকাশৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jun 21, 2021, 10:15 PM IST

ধেমাজি, 21 জুন : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে ধেমাজিৰ জিলাৰ গোগামুখত এটা অতিথিশালা, ৰিৰ্চাজ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাচতে তেওঁ কয়, সমষ্টিটোক আকৰ্ষিত কৰিব পৰা কৈ প্ৰতিজন বিধায়কে একোখন আঁচনি দিয়া হৈছিল ৷ সেই অনুসৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এটা অতিথিশালা, ৰিৰ্চাছ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ নিৰ্মাণৰ কাম হাতত লৈছিল বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

"এবছৰ-দুবছৰৰ ভিতৰত গোগামুখ অঞ্চলটো কৰ্ম যজ্ঞ অঞ্চল হিচাপে পৰিচিত হ'ব ৷ ৰণোজ পেগুৰ নেতৃত্বত ধেমাজিৰ সমষ্টিৰ প্ৰতিটো অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা কৰা হৈছে ৷ প্ৰতিটো স্বায়ত্ত শাসিত পৰিষদৰ জনগোষ্ঠীয় বিকাশ আৰু প্ৰতিটো স্বায়ত্ত শাসিত পৰিদষদৰ ভূ-খণ্ডৰ বিকাশ এই দুয়োটাকে একেলগ কৰি উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাত গুৰুত্ব আৰোপ কৰা হৈছে ৷" এই দৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ৷

জনগোষ্ঠীয় বিকাশৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, যোগ দিৱসৰ উপলক্ষে ধেমাজি জিলা ভ্ৰমণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই কাৰ্যসূচী সমূহত অংশগ্ৰহণ কৰা উদ্দেশ্যে দেওবাৰে ধেমাজিত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী ৷

সোমবাৰৰ দিনটো প্ৰথমে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ থলীত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ইয়াৰ পাচতে গোগামুখলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকী ৷ ইয়াৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলঙৰ কাষৰ মথাউৰিও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ পাচতে ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত উপস্থিত হৈ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উক্ত সভাত জিলা উপায়ুক্তৰ লগতে প্ৰশাসনীয় বিষয়া সকলৰ সৈতে বৰ্তমানৰ ক'ভিড পৰিস্থিতি আৰু বান সমস্যাৰ সন্দৰ্ভত এক আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু লখিমপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷

লগতে পঢ়ক: হিতাধিকাৰীয়ে ফল নিদিলে: নাড্ডাই ৰণজিৎ দাসক দিলে নতুন ফৰ্মূলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.