জোনাই, ১৮ জুলাই: ধেমাজি জিলাৰ জোনাই মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত অনিয়ম । নিৰ্মীয়মান অসামৰিক চিকিৎসালয়খনত ইতিমধ্য়ে ধৰা পৰিছে কেইবাটাও বিসংগতি । এই বিসংগতি ধৰা পেলাইছে আছুৰ কেন্দ্ৰীয় সমিতিৰ এটা সঁজাতী দলে ।
প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা ১০০ খন বিছনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়খন সোমবাৰে পৰিদৰ্শন কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ এটা সঁজাতী দলে । এই পৰিদৰ্শন কালত নিৰ্মীয়মান অসামৰিক চিকিৎসালয়খনত কেইবাটাও বিসংগতি দেখিবলৈ পোৱাৰ অভিযোগ উত্থাপন কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । এই চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পকী বেৰ, বীম, শৌচগাৰ আদি বিভিন্ন ঠাইত বৃহৎ বৃহৎ আকাৰৰ ফাঁট মেলাৰ অভিযোগ তুলিছে দলটোৱে ।
ইফালে, কিছু কিছু ফাঁট মেলা অংশত ৰং মাৰি কোনোমতে যোৰা টাপলি মৰাও পৰিলক্ষিত হোৱা বুলি কয় আছুৰ কেন্দ্ৰীয় সমিতিৰ সঁজাতী দলটোৱে । এই চিকিৎসালয়খনৰ গৃহটোৰ বীম ৱাল ভাঙি যিকোনো মুহূৰ্তত ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আছুৰ দলটোৱে । আঁচনি লাভ কৰা ঠিকাদাৰ আৰু বিভাগীয় বিষয়া অভিযন্তাৰ গোপন অংশৰ মিতিৰালিত ব্যক্তিগত মুনাফা আদায় কৰাৰ মানসিকতাৰে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাত তেনে বিসংগতি দেখিবলৈ পোৱা বুলি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অভিযোগ উত্থাপন কৰিছে ।
এইদৰে উল্লেখ কৰি দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ, বিভাগীয় বিষয়া-অভিযন্তাৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । উল্লেখযোগ্য যে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান জোনাই মহকুমা অসামৰিক চিকিৎসালয়খন ২০১৮ চনৰ ১১ জুনত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল ।