জোনাই, ২৪ মে': ৰাজ্যৰ আন আন জিলা তথা অঞ্চলৰ শ্ৰমিকৰ লগতে বিভিন্ন ক্ষেত্ৰত জড়িত লোকৰ স্বগৃহলৈ উভতি অহাৰ সমান্তৰালভাবে ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অঞ্চলৰ লোকেও বহিঃ ৰাজ্যৰ পৰা ঘূৰি আহিবলৈ লৈছে । বহিঃ ৰাজ্যৰ পৰা উভতি অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই চৰকাৰীভাবে জোনাই সদৰত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে ।
আনহাতে, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী জোনাই মহকুমাত চৰকাৰীভাবে স্থাপন কৰা দুটা কোৱাৰেন্টাইন চেন্টাৰত বৰ্তমান পৰ্যন্ত ৩১ জন লোক উপস্থিত হয় ৷ ইয়াৰে ২৩ জনৰ তেজৰ নমুনা সংগ্ৰহ কৰি ডিব্ৰুগড়স্থিতিত আই চি এম আৰলৈ পঠোৱা হয় ৷