ETV Bharat / state

দৰঙৰ বানেইকুছি মজলীয়া বিদ্যালয়ত সৃষ্টি উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 4, 2020, 10:27 PM IST

দৰঙৰ বানেইকুছি মজলীয়া বিদ্যালয়ত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীত পাঠদান কৰিবলৈ গৈ গজেন কলিতা নামৰ এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ আচবাবসমূহ ভাঙি পেলোৱাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

Hitting situation arrised
উত্তপ্ত পৰিস্থিতি

দৰং,4 মাৰ্চঃ দৰঙৰ বানেইকুছি মজলীয়া বিদ্যালয়ত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীত পাঠদান কৰিবলৈ গৈ গজেন কলিতা নামৰ এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ আচবাবসমূহ ভাঙি পেলোৱাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় এই পৰিস্থিতি ৷ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ফলত স্থানীয় ৰাইজে গাঁওবুঢ়া আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সৈতে সদলবলে উপস্থিত হয় বিদ্যালয়ত ৷ ৰাইজৰ উপস্থিতি দেখি খৰখেদাকৈ বিদ্যালয়ত উপস্থিত হয় গজেন কলিতাৰ পুত্ৰ আৰু পত্নী ৷ বিষয়টো সন্দৰ্ভত দুয়োপক্ষৰ মাজত খণ্ডযুদ্ধ হোৱাৰ লগতে শিক্ষকগৰাকীৰ পুত্ৰ ৰাজদ্বীপ কলিতায়ে গাঁওবুঢ়া ধনপতি বৰুৱাক প্ৰহাৰৰ চেষ্টা চলায় ৷

বিদ্যালয়খনত সৃষ্টি হোৱা এনে অৰাজক পৰিস্থিতিৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেইসূত্ৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দানেশ্বৰ হাজৰিকাৰ অৱসৰ গ্ৰহণৰ বাবে আছে মাজত মাঁথো কেইটামান মাহ ৷ যাৰ বাবে সহঃ শিক্ষকসকলৰ মাজত প্ৰধান শিক্ষকৰ পদক লৈ সৃষ্টি হৈছে অঘোষিত প্ৰতিযোগিতা ৷ তাৰোপৰি বিদ্যালয়খনত শিক্ষাদানৰ বিপৰীতে অধিক সময় সুৰা-মঙহেৰে ভোজভাতৰ আয়োজন চলাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় একাংশ ৰাইজে ৷ সূত্ৰ অনুসৰি, সমগ্ৰ কাৰুকাৰ্যৰ প্ৰমাণ মজুত আছে বিদ্যালয়খনৰ শিক্ষক গজেন কলিতাৰ ম’বাইল ফোনত ৷

প্ৰধানমন্ত্ৰী পদক লৈ টনা-আঁজোৰা

কণ কণ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বিপৰীতে শিক্ষাগুৰুসকলে সৃষ্টি কৰা অৰাজক পৰিস্থিতিত হতভম্ব হৈ পৰিছে স্থানীয় ৰাইজ তথা অভিভাৱকসকল ৷ জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা বিদ্যালয়খনক লৈ ক্ষুদ্ধ হৈ পৰিছে স্থানীয় লোকৰ লগতে অভিভাৱকসকল । নিজস্ব মইমতালিৰে শিক্ষকসকলে এইদৰে চৰকাৰী বিদ্যালয়খন চলোৱাত অঞ্চলবাসী অধিক চিন্তিত হৈ পৰিছে ৷ সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰ কৰি দোষী শিক্ষকক শাস্তি প্ৰদানৰ লগতে বিদ্যালয়ত নিয়মীয়া পাঠদানেৰে এক সুষ্ঠ শৈক্ষিক বাতাবৰণৰ কামনা কৰিছে অভিভাৱক তথা স্থানীয় ৰাইজে ৷

লগতে চাওকঃকোভিদ 19 ফ্লুৰ তুলনাত অধিক ভয়াবহঃ বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.