ETV Bharat / state

বিশিষ্ট সাহিত্যিক,গীতিকাৰ ইদ্ৰিছ আলীলৈ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা-২০১৮" - গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা-২০১৮

সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইদ্ৰিছ আলীলৈ এই বঁটা

ইদ্ৰিছ আলীলৈ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা-২০১৮"
author img

By

Published : Feb 5, 2019, 10:56 PM IST

দৰং, ৫ জানুৱাৰী : বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ ইদ্ৰিছ আলীলৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা ২০১৮ " । মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা গীতিকাৰজনলৈ প্ৰদান কৰা হয় এই বঁটা । অসমীয়া কাব্য-সাহিত্য তথা গীতি-সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ গৰাকীলৈ প্ৰদান কৰা হৈছে এই বঁটা । গীতৰ সংকলন নিৰিবিলি, সুৰমিতা; কবিতাপুথি ‘সুখৰ, দুখৰ আৰু প্ৰেমৰ’ উপৰিও ‘আগচোতালৰ মেল’ নামৰ এখন উপন্যাসো ৰচনা কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।

ETV ASSAM ETV BHARAT
ইদ্ৰিছ আলীলৈ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা-২০১৮"

undefined
উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে এইবেলি প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছে "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা" ।

বিশিষ্ট সাহিত্যিক, গীতিকাৰ ইদ্ৰিছ আলীলৈ অসম চৰকাৰৰ সাংস্কতিক বিভাগৰ ‘গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বটাঁ-২০১৮

অসম  চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা প্ৰথমবাৰৰ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বটাঁ" প্ৰৱৰ্তন কৰিছে। প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বটাঁৰ " গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বটাঁ ২০১৮" লাভ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, বিশিষ্ট গীতিকাৰ,লেখক,অৱসৰপ্ৰাপ্ত অধ্যাপক ইদ্ৰিছ আলিলৈ। অহা ৫ ফেব্ৰুৱাৰিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব লগীয়া এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এই  বঁটাটো প্ৰদান কৰা হ’ব বিশিষ্ট সাহিত্যিক, গীতিকাৰজনলৈ। উক্ত বঁটাত আছে এখন মানপত্ৰৰ লগতে আছে ২ লাখ টকাৰ মাননি।বিশিষ্ট সাহিত্যিক গীতিকাৰ ইদ্ৰিছ আলীয়ে অসমীয়া কথা-সাহিত্য, কাব্য-সাহিত্য আৰু গীতি-সাহিত্য জগতলৈ আগবঢ়োৱা অনিবাদ্য অৱদানৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হৈছে। ইয়াৰ ভিতৰত ২০১৩ চনত কলংপাৰ বঁটা লাভ কৰিছিল।  
মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ সাহিত্য নগৰ নিৱাসী আলী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃত গীতিকাৰো। এই গৰাকী প্ৰতিভাধাৰ ব্যক্তি
অসম কবি সমাজৰ উপ-সভাপতি আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতিৰ দৰে পদতো অধিষ্ঠিত হৈছিল। তেওঁৰ প্ৰকাশিত গীতৰ সংকলন নিৰিবিলি, সুৰমিতা আৰু কবিতাপুথি ‘সুখৰ, দুখৰ আৰু প্ৰেমৰ’ উপৰিও‘আগচোতালৰ মেল’ নামৰ এখন উপন্যাসো ৰচনা কৰিছিল। বটাঁ লাভ কৰি তেওঁ উল্লেখ কৰে যে পাৰ্বতি প্ৰসাদ বৰুৱাৰ দৰে মহান গীতিকাৰজনৰ নামত দিয়া বঁটা লাভ কৰি তেওঁ অত্যন্ত সুখী বুলি এই প্ৰতিবেদকক জানিব দিয়ে। উল্লেখ্য সাহিত্যৰ প্ৰতি তেওঁ আগবঢ়োৱা বৰঙনিৰ বাবে মঙলদৈৰ "দেৱচন্স নাছিং হোমে" আজীৱন বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰি দিছে। তেওঁৰ এই বটাঁ লাভত দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্র সন্থা, যুৱ ছাত্র পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।
দেবব্ৰত গোস্বামী৷দৰঙ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.