ETV Bharat / state

বিদেশী ঘোষিত হ'ল ছানিয়া মিৰ্জা !

author img

By

Published : Jul 5, 2019, 1:25 PM IST

এন আৰ চি কৰ্তৃপক্ষই বিদেশী ঘোষণা কৰিলে ছানিয়া মিৰ্জাক

বিদেশী ঘোষিত হ'ল ছানিয়া মিৰ্জা !

দলগাঁও,5 জুলাইঃ ছানিয়া মিৰ্জাক বিদেশী হিচাপে ঘোষণা কৰিলে এন আৰ চি কৰ্তৃপক্ষই ৷ মাতৃসহ বিদেশী হ'ব ছানিয়া । পিছে, আপুনি ভবাৰ দৰে এইগৰাকী টেনিছ তাৰকা ছানিয়া মিৰ্জা নহয় ৷ খাৰুপেটিয়াৰ ছানিয়া মিৰ্জা নামৰ এটি ছবছৰীয়া শিশুক বিদেশী হিচাপে ঘোষণা কৰে এন আৰ চি কৰ্তৃপক্ষই ৷ খাৰুপেটিয়াত এন আৰ চি বিষয়া আৰু সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এতিয়া কণমানি ছানিয়া ঘোষণা হ'ল বিদেশী হিচাপে ৷ কেৱল ছানিয়াই নহয় ছানিয়াৰ মাতৃ কুলছুম বেগমো ঘোষণা হ'ল বিদেশী হিচাপে । প্ৰয়োজনীয় বৈধ নথি পত্ৰ থকাৰ পিছতো এন আৰ চিৰ খচৰা তালিকাৰ পৰা বাদ পৰিল দুয়োৰে নাম । ইফালে জন্মৰ প্ৰমাণ পত্ৰ থকা 6 বছৰীয়া কণমানিজনীও ঘোষিত হ'ল বিদেশী হিচাপে ।

বিদেশী ঘোষিত হ'ল ছানিয়া মিৰ্জা !

কুলছুম বেগমৰ পিতৃ আব্দুল কুদ্দুচে জনোৱা মতে, সকলো প্ৰয়োজনীয় বৈধ নথি পত্ৰ দাখিল কৰাৰ পিছতো কুলছুমৰ নাম কিদৰে খচৰা তালিকাৰ পৰা বাদ পৰিল সেয়া এক ৰহস্যৰ বিষয় । অথচ একে লিগেচী ডাটা আৰু নথি পত্ৰ ব্যৱহাৰ কৰা পৰিয়ালৰ সকলোৰে নাম এন আৰ চিৰ খচৰাত আছে । ইফালে ছবছৰীয়া ছানিয়া মিৰ্জা আৰু মাতৃ কুলছুম বেগমৰ নামত বিদেশীৰ জাননী অহাৰ পিছত এতিয়া চিন্তিত হৈ পৰিছে খাৰুপেটিয়াৰ এন চি খেতাশ্বৰ গাঁৱৰ তাৰামিঞাৰ পৰিয়ালটো ।

Intro:Slug= 6 years Foreigner .
Byte = Father,
= Grand Father
## খাৰুপেটিয়াত এন আৰ চি বিষয়া আৰু সীমান্ত আৰক্ষীৰ আজব কাণ্ড ।
## ছবছৰীয়া ছানিয়া মিৰ্জা হলগৈ ঘোষিত বিদেশী ।
Body:দলগাঁও /৪ জুলাই

নাম ছানিয়া মিৰ্জা । জন্ম ৩০/৭/২০১৩ চন । এই ৬ বছৰীয়া শিশুটি এতিয়া হললৈ বিদেশী ।এন আৰ চিৰ বিষয়া আৰু সীমান্ত আৰক্ষীৰ আজব কাণ্ডৰ বাবে ফুল কুমলীয়া ছানিয়া মিৰ্জা ঘোষিত বিদেশী । মাথো ছানিয়া মিৰ্জাই নহয় প্ৰয়োজনীয় বৈধ নথি পত্ৰ থকাৰ পিছতো ছানিয়াৰ মাতৃ কুলছুম বেগমো হল ঘোষিত বিদেশী ।ছানিয়াৰ পিতৃ তাৰা মিঞাই জনোৱা মতে একে লিগেচী ডাটা ব্যৱহাৰ কৰা সকলোৱে নাম এন আৰ চিৰ খচৰা তালিকাত আহিল কিন্তু বাদ পৰিল একমাত্ৰ জীয়েক ছানিয়া মিৰ্জা । জন্মৰ প্ৰমাণ পত্ৰ থকা ৬ বছৰীয়া ছানিয়াক ঘোষণা কৰিলে বিদেশী বুলি । ইফালে কুলছুম বেগমৰ পিতৃ আব্দুল কুদ্দুচে জনোৱা মতে সকলো প্ৰয়োজনীয় বৈধ নথি পত্ৰ দাখিল কৰাৰ পিছতো কুলছুমৰ নাম কিদৰে খচৰা তালিকাৰ পৰা বাদ পৰিল সেয়া এক ৰহস্যৰ বিষয় । অথচ একে লিগেচী ডাটা ও নথি পত্ৰ ব্যৱহাৰ কৰা পৰিয়ালৰ সকলোৰে নাম এন আৰ চিৰ খচৰাত আছে । ইফালে ছবছৰীয়া ছানিয়া মিৰ্জা আৰু মাতৃ কুলছুম বেগমৰ নামত ঘোষিত বিদেশীৰ জাননী অহাৰ পিছত খাৰুপেটিয়াৰ এন চি খেতাশ্বৰ গাঁৱৰ তাৰা
মিঞাৰ পৰিয়ালত লাগিছে হুৱাদুৱা আৰম্ভ হৈছে কন্দা কটা ।
Conclusion: এতিয়া প্ৰশ্ন হয় কাৰ ভূলৰ বাবে প্ৰয়োজনীয় বৈধ নথিপত্ৰ থকাৰ পিছতো এনে অবাঞ্চিত ঘটনাৰ পুনৰাবৃত্তি হব ধৰিছে এইখন অসমত ।
আব্দুল হাকিম
দলগাঁও।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.