দৰং,21ফেব্ৰুৱাৰী: দৰং কংগ্ৰেছে পশ্চিম মঙলদৈৰ ডাঁহী অঞ্চলত নিৰ্বাচনী ৰণডংকা বজাই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই ৷ দেওবাৰে বিজেপি বিধায়ক গুৰু জ্যোতি দাসৰ সমষ্টি দৰঙৰ চাৰিওটা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰাৰ সংকল্প গ্ৰহণেৰে বুথ সংকল্প আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে ৷
বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি সমগ্ৰ দেশত বিভাজনৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতাই ।
এই সভাত উপস্থিত থাকে কংগ্ৰেছৰ সভাপতি কামিনী ডেকা, প্ৰাক্তন মন্তী তথা বিধায়ক বসন্ত দাস,প্ৰাক্তন সাংসদ মাধব ৰাজবংশীৰ লগতে জিলা কংগ্ৰেছৰ বহু কেইগৰাকী নেতা।
লগতে পঢ়ক: বিজেপিয়ে অসমত ভ্ৰষ্টাচাৰী শাসন চলাই আছে : আদিত্য শৰ্মা