দৰং, 17 ছেপ্টেম্বৰ:"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে আমি আজি দৰঙত অমৃত সৰোবৰ আঁচনি উন্মোচন কৰিছো ৷ এই আঁচনিৰ মূল লক্ষ্যই হৈছে পানী সংৰক্ষণ কৰা ৷ আজি সমগ্ৰ ৰাজ্যত এই আঁচনিৰ শুভাৰম্ভ হৈছে ৷ খেতি-বাতি কৰিবলৈ জল সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷ এই আঁচনিৰ জৰিয়তে লোকসকলে মাছ পালনো কৰিব পাৰিব ৷" শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন (PM Narendra Modi) উপলক্ষে দৰঙত মন্ত্ৰী অজন্তা নেওগে অমৃত সৰোবৰ আঁচনি উন্মোচন কৰি এই মন্তব্য প্ৰকাশ কৰে (PM birthday celebrated in India) ৷
ছিপাঝাৰ সমষ্টিৰ ধোকাপাৰা গাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনি অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে (Amrit Sarobar scheme inaugurated in Darrang ) ৷ ছিপাঝাৰত অমৃত সৰোবৰ আঁচনিৰ অধীনত ৭৫ টাকৈ পুখুৰী খনন কৰা হ’ব । বৰ্তমানলৈকে অঞ্চলটোত ১৫ টা কৈ আঁচনিৰ শুভাৰম্ভনি কৰে মন্ত্ৰীগৰাকীয়ে ( Minister Ajanta Neog inaugurated Amrit Sarobar scheme) ৷
এই বিশেষ অনুষ্ঠানত স্থানীয় বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাও উপস্থিত থাকে ৷ এই আঁচনিত সহযোগিতা আগবঢ়োৱা আত্মসহায়ক গোটসমূহে ব্যৱসায়ৰ বাবে ফল-মূলৰ গছ ৰোৱাৰ লগতে মাছ পুহি সুকলমে ব্যৱসায়ো কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা