চিৰাং,18 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ চিৰাঙৰ জিলাৰ বিজনীত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে ৷ নিহত লোকজন 1 নং বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা ৰতন দাস(37)।
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে সন্ধিয়া প্ৰায় 7 বজাত বিষ্ণুপুৰ বজাৰৰ পৰা নিজ ঘৰলৈ উভতি অহা পথত মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত ৰতন দাসৰ মৃত্যু হয় । অঞ্চলটোত হাতী-মানুহৰ সংঘাতৰ ফলত ইয়াৰ পূৰ্বেও বহু কেইজন লোকৰ মৃত্যু হৈছে।
লগতে পঢ়ক : আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ চূড়ান্ত ইংগিত