ETV Bharat / state

ভুৱা পৰিচয়েৰে কিশোৰীক যৌন নিৰ্যাতন চলোৱা যুৱকক আটক

বঙাইগাঁৱৰ ঢালি গাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ কিশোৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগ উঠিছে এজন যুৱকৰ বিৰুদ্ধে ৷ নাম সলনি কিশোৰী গৰাকীৰ সৈতে চিনাকী হৈছিল যুৱকজন ৷ পূৰ্বতে যুৱকৰ আছে দুগৰাকী পত্নী ৷

rape case in chirang
চিৰাঙত কিশোৰীক ধৰ্ষণ
author img

By

Published : Jul 8, 2021, 8:03 PM IST

চিৰাং, 8 জুলাই : এটা কিশোৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাৰ ঢালিগাঁৱৰ বৰপথাৰ গাঁৱত ৷ গাঁওখনৰ প্ৰসেনজিৎ কুমাৰ বৰ্মন (25) নামৰ যুৱকজনে তেওঁৰ দুগৰাকী পত্নী থকাৰ পাচতো নিজৰ নাম সলাই এগৰাকী 16 বছৰীয়া কিশোৰীক উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ জিলাখনৰ কদমতলি নামৰ ঠাইত যুৱকজনে নিচাযুক্ত ঔষধ খুৱাই কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ (Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ যোগীঘোপা থানাৰ অন্তৰ্গত এখন গাঁৱত বুলি জানিব পৰা গৈছে ৷ ঘটনা পোহৰলৈ অহাৰ পাচতে বুধবাৰে নিশা চিৰাঙৰ ঢালিগাঁও থানা তথা ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত নীলিবাৰীত যুৱকজনক আটক কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে গাঁওবাসীয়ে ৷ ইয়াৰ পাচতে অভিযুক্ত যুৱকজনক চিৰাং আৰক্ষীৰ হাতত গতাই দিয়া হয় ৷

চিৰাঙত কিশোৰীক ধৰ্ষণ

আটকাধীন যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত পোহৰলৈ আহে ধৰ্ষণৰ কথা ৷ স্থানীয় লোকে সদৰি কৰা মতে, যুৱকজনে নিজকে ইছলাম ধৰ্মীয় যুৱক বুলি পৰিচয় দি ইছলাম ধৰ্মীয় কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল ৷

কোনো অনুসূচনা নোহোৱাকৈ দুগৰাকীকৈ পত্নী থকাৰ কথা উল্লেখ কৰে অভিযুক্ত যুৱকজনে ৷ উক্ত ঘটনাক তীব্ৰ গৰিহণা দিয়ে চিৰাং জিলা আমছু (AAMSU)য়ে ৷ শীঘ্ৰেই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক মফিদুল ইছলামে ৷ এই ঘটনাৰ পাচতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা নীলিবাৰী আৰক্ষী চকী আৰু যোগীঘোপা থানাত পৃথকে দুটাকৈ গোচৰ দিয়া হয় ৷

লগতে পঢ়ক : তিতাবৰত উদ্ধাৰ 6 লক্ষাধিক টকাসহ সুৰাৰ বটল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.