চিৰাং, 26 ছেপ্টেম্বৰঃ চিৰাং জিলাৰ কিশান বজাৰৰ পৰা বুধবাৰে নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে দুখনকৈ চোৰাং খয়েৰ কঢ়িওৱা বাহন ৷ বাহন দুখন ক্ৰমে AS 16C 6784 নম্বৰৰ বলেৰো পিক আপ ভান আৰু NL 01AB 3133 নম্বৰৰ এখন চৈধ্য চকীয়া বাহন ৷ এক গোপন তথ্যৰ ভিত্তিতে বন বিভাগে অভিযান চলাই গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ীত থকা কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ৷ অন্ধকাৰৰ সুযোগলৈয়ে গাড়ী এৰি পলায়ন কৰে চালক হেণ্ডিমেন ৷
এই ক্ষেত্ৰত চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে, চিৰাং জিলাৰ পৰা বন বিভাগৰ খয়েৰ কাঠ চোৰাং ভাৱে বিক্ৰী কৰি থকাৰ তথ্য পোৱা গৈছিল ৷ যাৰ পৰিপেক্ষিতত চোৰাং কাঠ ব্যৱসায়ী তথা অবৈধ চোৰাং কাঠ ফলা কল সমূহ উৎখাত কৰাৰ উদ্দেশ্যে অভিযান চলোৱা হয় ৷ বৰ্তমান জব্দকৃত বাহন দুখন চিৰাং জিলা বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ৷ উল্লেখ্য যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নিতৌ চোৰাং খয়েৰ আন ৰাজ্য সমুহলৈ চালান দিয়া হয় ।
লগতে চাওকঃ তেজপুৰত বায়ুসেনাৰ এয়াৰ শ্ব’