ETV Bharat / state

পূজাৰ ছুটি শেষ হোৱা নাই চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত !

পূজাৰ বন্ধ শেষেই হোৱা নাই চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ । মঙলবাৰে দিনটো তলা বন্ধ পৰিলক্ষিত হ’ল কাৰ্য্যালয়টো । এজনো বিষয়া কৰ্মচাৰী নাহিল কাৰ্য্যালয়লৈ।

Chirang DEEO office illegal Bandh
পূজা লাগিয়েই আছে চিৰাং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ গাত !
author img

By

Published : Oct 27, 2020, 6:20 PM IST

চিৰাং, 27 অক্টোবৰঃ চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় মঙলবাৰে তলা বন্ধ থকা পৰিলক্ষিত হ’ল। কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত নহ’ল কাৰ্য্যালয়টোত। যেন পূজাৰ বন্ধ শেষেই হোৱা নাই। যদিও যোৱা ২৩ তাৰিখৰ পৰা ২৬ তাৰিখলৈ আছিল দুৰ্গা পূজাৰ বন্ধ। কিন্ত ২৬ তাৰিখৰ পিচত জিলাখনৰ সকলো কাৰ্য্যালয় খোলা থকাৰ বিপৰিতে সম্পুৰ্ণ দিনটো বন্ধ হৈ থাকিল জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়টো। বিভিন্ন ঠাইৰ পৰা শিক্ষক তথা বিভাগটোৰ বিভিন্ন কৰ্মচাৰী সকল আহি তলা বন্ধ দেখি ওভতি যাবলগীয়া হৈছে ৷ জিলা প্ৰাথমিক শিক্ষা বিষয়া হিৰালাল বৰা নিজেও উপস্থিত নাথাকিলে কাৰ্য্যালয়ত।

পূজা লাগিয়েই আছে চিৰাং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ গাত !

কাৰ্য্যালয়টোৰ লগতে থকা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্য্যালয় খোলা থকাৰ লগতে অন্যা সকলো কাৰ্য্যালয় খোলা আৰু নিয়মিত দেখিবলৈ পোৱা গ’ল যদিও ব্যতিক্ৰম পৰিলক্ষিত হ’ল কেৱল মাথো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়টোত। কোনো এজনো বিষয়া কৰ্ৰমচাৰী উপস্থিত নথকাৰ কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কাৰণ জিলা প্ৰাথমিক শিক্ষা বিষয়া হিৰালাল বৰাৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও যোগাযোগ নহ’ল। চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰক এই বিষয়ে যোগাযোগ কৰাত উপায়ুক্ত জনে বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায়। বিটিচি প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালক (ডিৰেক্টৰ) জগদিশ ব্ৰহ্মৰ সৈতে এই বিষয়ে টেলিফোনিক যোগাযোগ কৰাত বিষয়া জনে জনায় যে, আজি কাৰ্য্যালয় খোলা আছে । তেনে অৱস্থাত চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় সম্পুৰ্ণৰূপে তলা বন্ধ থকাত আচৰ্য্য প্ৰকাশ কৰাৰ লগতে শিক্ষা বিভাগৰ পৰা এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনায়।

Chirang DEEO office illegal Bandh
পূজা লাগিয়েই আছে চিৰাং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ গাত !

ইপিনে পূজাৰ নিৰ্দিষ্ট সময়ৰ বন্ধ ওকলি যোৱাৰ পিচতো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় বন্ধ থকাৰ বিষয়টো সহজতে ল’ব পৰা নাই জিলা খনৰ বিভিন্ন ছাত্ৰ সংগঠনে। কাৰণ অসমৰ ভিতৰত শিক্ষাৰ দিশত পিচ পৰা চিৰাং জিলা এনে অৱস্থাত খোদ শিক্ষা বিষয়াৰ কাৰ্য্যালয়টো যদি এই দৰে বন্ধ হৈ থাকে তেন্তে বিদ্যালয় সমূহৰ অৱস্থা কি হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ সংগঠন সমূহে। এই ক্ষেত্ৰত বিভাগীয় ভাৱে হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠন সমূহে।

লগতে পঢ়কঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.