ETV Bharat / state

কৰ’ণা মহামাৰীক আওকাণ কৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ

author img

By

Published : Sep 18, 2020, 10:13 PM IST

কৰ’ণা মহামাৰীৰ ভয়াৱহতাকো আওকান কৰি বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ অহা ২৭ অক্টোবৰত বিটিচিত ৰাজ‍্যপালৰ শাসনৰ 6 মাহ সম্পূৰ্ণ হ’ব ।

কৰ’ণা মহামাৰীক আওকাণ কৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ
কৰ’ণা মহামাৰীক আওকাণ কৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ

চিৰাং, 18 চেপ্টেম্বৰ : বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্টিত হোৱাৰ সময়কলৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । ক’ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীনভাৱে নিৰ্বাচন আয়োগে অনিৰ্দিষ্টকালৰ বাবে পিচুৱাই দিছিল নিৰ্বাচন ৷

ইতিমধ্যে কৰ’ণা মহামাৰীৰ ভয়াৱহতাকো আওকাণ কৰি বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ৷ অহা ২৭ অক্টোবৰত বিটিচিত ৰাজ‍্যপালৰ শাসনৰ 6 মাহ সম্পূৰ্ণ হ’ব ।

গতিকে ৰাজ‍্যপালৰ শাসনৰ পূৰ্বেই বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন পক্ষই নিৰ্বাচন আয়োগৰ কাষ চাপিছে । শুকুৰবাৰে চিৰাং জিলাৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন আৰু পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অহা অক্টোবৰ মাহৰ ১৫/২০ তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ'ব।

মন্ত্ৰী জনে কয় যে ক’ভিডৰ এই সময়ত নিৰ্বাচন আয়োগে নিৰ্বাচন পিচুৱাই দিছিল যদিও শেষতীয়া গাইড লাইন অনুসৰি পিচুৱাই দিয়া নিৰ্বাচন সমুহ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে । উল্লেখ্য যে,অসম চৰকাৰৰ প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে হোৱা আলোচনাত জনায় যে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচন সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ হৈ উঠিব আৰু অহা ১৫/২০ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হব বুলি জনায় মন্ত্ৰী চন্দন ব্ৰহ্মই । ইপিনে শুকুৰবাৰৰ নিৰ্বাচনী সভাত বিশিষ্ট অতিথি হিচাপে সদৌ বিটিচি বেংগলী ফেডাৰেচনৰ সভাপতি মন্টু দে অবড়ো সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টাৰ পদ এৰি বিপিএফত যোগদান কৰা ৰফিক আহমেদ,মুখ্য উপদেষ্টা সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ শ্যামল সৰকাৰ উপস্থিত থাকে ।

লগতে পঢ়ক : চৰকাৰৰ মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক লৈ সৰৱ মুছলিম ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.