চিৰাং,১৪ এপ্ৰিল: ৰঙালীক লৈ ৰাজ্যজুৰি উচাহ - উদ্দীপনা অব্যাহত থকাৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ঠায়ে ঠায়ে বিহু সমিতি সমূহো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিগত বছৰৰ দৰে এইবাৰো চিৰাঙৰ বিজনীত পৰম্পৰা ৰক্ষা কৰি চাৰি দিনীয়াকৈ বিহুৰ আয়োজন কৰা হৈছে ৷
বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ বুধবাৰে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । বিহু উদযাপন সমিতিৰ সভাপতি ৰবীন দাসে পতাকা উত্তোলন কৰে ।
ইফালে শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ লগতে বুধবাৰে কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন খেল-ধেমালিৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । বিহু হুচৰিৰ লগতে বুধবাৰৰ অনুষ্ঠানত ভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য পৰিৱেশন কৰা হয় ৷
লগতে পঢ়ক:নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি