ETV Bharat / state

বঙাইগাঁৱত অনলাইনযোগে উপলব্ধ হ'ব বিহুৰ চিৰা-পিঠা, গামোছা

author img

By

Published : Apr 11, 2020, 10:55 PM IST

ব্যতিক্ৰমী ৰূপত ৰঙালী বিহু আয়োজনৰ পদক্ষেপ লৈছে বঙাইগাঁও জিলা প্ৰশাসনে । অনলাইনযোগে উপলব্ধ হ'ব বিহুৰ চিৰা-পিঠা, গামোছা । ১৮ বছৰ অনুৰ্ধ কিশোৰ-কিশোৰীৰ বাবে অনুষ্ঠিত হ'ব অনলাইন বিহু কোঁৱৰ আৰু কুঁৱৰী প্ৰতিযোগিতা । ১৮ বছৰ উৰ্ধৰ বাবে বিহু ৰজা, বিহু ৰাণী প্ৰতিযোগীতাও অনুষ্ঠিত কৰা হ'ব । শনিবাৰে এই সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰে বঙাইগাঁও জিলা উপায়ুক্ত ড০ এম. এচ. মহালক্ষ্মীয়ে ।

বঙাইগাঁও
বঙাইগাঁৱত অনলাইনযোগে উপলব্দ হ'ব বিহুৰ চিৰা-পিঠা,গামোছা

চিৰাং, ১১ এপ্ৰিলঃ কৰ'ণাতংক তথা লকডাউনৰ মাজতে নঙলা মুখ পালেহি অসমীয়াৰ অতিকে আদৰৰ ৰঙালী বিহু । কিন্তু তাৰ মাজতে এক ব্যতিক্ৰমী ৰূপত বঙাইগাঁও জিলা প্ৰশাসনে এই ৰঙালী বিহুক আয়োজনৰ পদক্ষেপ লৈছে । অনলাইনযোগে উপলব্ধ হ'ব বিহুৰ চিৰা-পিঠা, গামোছা । ১৮ বছৰ অনুৰ্ধ কিশোৰ-কিশোৰীৰ বাবে অনুষ্ঠিত হ'ব অনলাইন বিহু কোঁৱৰ আৰু কুঁৱৰী প্ৰতিযোগীতা । ১৮ বছৰ উৰ্ধৰ বাবে বিহু ৰজা, বিহু ৰাণী প্ৰতিযোগীতাও অনুষ্ঠিত কৰা হ'ব ৷

ইতিমধ্যে জিলাখনৰ আত্ম সহায়ক গোটসমূহক বিহুৰ লাৰু-পিঠা বনাবলৈ নিৰ্দেশনা দিছে প্ৰশাসনে । শনিবাৰে বঙাইগাঁও জিলা উপায়ুক্ত ড০ এম. এচ. মহালক্ষ্মীয়ে নিজৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত প্ৰকাশ কৰে এই কথা । বঙাইগাঁও জিলা প্ৰশাসনে কৰ'ণা প্ৰতিৰোধৰ বাবে "সমৰ্থন" নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰে । ইয়াৰ জৰিয়তে জিলা প্ৰশাসনে জিলাখনত বিহু উদযাপনৰ আয়োজন কৰিছে ।

সংবাদমেলত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ COVID-19 ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে । ধুবুৰী জিলাৰ চাপৰৰ কৰ'ণা ৰোগীজনে বঙাইগাঁও জিলাৰ বিভিন্ন ঠাই ভ্ৰমন কৰিছিল বুলিও জানিবলৈ দিয়ে । সেয়ে জিলাখনৰ ঝগৰাৰ পাৰৰ তিনিখন গাঁও ছিল কৰাৰ কথাও জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ।

জিলাখনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ১৭ জন কৰ্মকৰ্তাক চাপৰৰ ৰোগীজনৰ সংস্পৰ্শলৈ অহা বুলি চিনাক্ত কৰি তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে । সংবাদমেলত জিলা উপায়ুক্ত গৰাকীয়ে সাধাৰণ লোকক আহ্বান জনায় যে, যদি কোনো লোক চাপৰৰ ৰোগীজনৰ সংস্পৰ্শলৈ আহিছিল বা এই ৰোগৰ কোনো লক্ষণে দেখা দিছে তেন্তে প্ৰশাসনক অৱগত কৰক ।

আনহাতে, জিলাখনত কৰ'ণা ৰোগ বিয়পি নপৰিবৰ বাবে সকলো লোককে সজাগ থকাৰ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে । জিলাখনত এতিয়াও ৩,০৭৮ জন লোকক গৃহবন্দী কৰাৰ লগতে ৩৩ জনৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছিল । এতিয়াও জিলাখনত কোনো ৰোগী চিনাক্ত হোৱা নাই বুলি সদৰী কৰে উপায়ুক্ত গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.