চিৰাং, 17 মে’: চিৰাং জিলাৰ উত্তৰ অঞ্চল বিশেষকৈ আই নদীপৰীয়া গাঁওসমূহ বান আৰু গৰাখহনীয়াৰ বাবে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয় । প্ৰতিবছৰে আই নদীৰ বান আৰু গৰাখহনীয়াই ব্যাপকভাৱে ক্ষতিসাধন কৰে । দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত দৰিদ্ৰ কৃষক তথা গাঁওবাসী বিপাঙত পৰাৰ মাজতে গাঁওবাসীয়ে আই নদীৰ বান আৰু গৰাখহনীয়াৰ কৱলত পৰিবলগীয়া হ’লে নিগমে মৰিব লাগিব সাধাৰণ জনতা । ইয়াকে লৈ গাঁওবাসীয়ে দুখ প্ৰকাশ কৰে ৷
ইফালে বিগত বৰ্ষত এই অঞ্চলৰ ডাবাবিল গাঁওখন সম্পূৰ্ণৰূপে আই নদীৰ বুকুত নিশ্চিহ্ন হৈ যায় । গাঁওখনৰ লোকসকলে ছোটো নিলীবাৰী গাঁওত কেম্প পাতি থাকিবলগীয়া হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ইতিমধ্যে আই নদীৰ দুয়ো পাৰৰ প্ৰায় 50/60 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু এইবছৰো অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰে গাঁওবাসীয়ে ৷
আই নদীৰ বান গৰাখহনীয়াগ্ৰস্ত এই অঞ্চল ৩১ নং চিদলী বিধান সভা সমষ্টিৰ অন্তৰ্গত । এই সমষ্টিৰ পৰাই নিৰ্বাচিত হৈ একেৰাহে 3বাৰ শাসনৰ দায়িত্বত আছে মন্ত্ৰী চন্দন ব্ৰহ্ম । কিন্ত মন্ত্ৰী চন্দন ব্ৰহ্ময়ো এই বান প্ৰতিৰোধ আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে সাধাৰণ জনতাই ৷
লগতে পঢ়ক: লক ডাউনৰ সময়ত কি কৰাৰ প্ৰয়োজন