মৰাণ, ২৬ জুলাই : সোমবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ বৰাছালি চাহ বাগিচাত উদ্ধাৰ হ'ল এজন পুৰুষ আৰু এগৰাকী যুৱতীৰ মৃতদেহ । প্ৰথমে বাগিচাৰ শ্ৰমিকে দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰে আৰু বাগিচাৰ ঊৰ্ধতম কৰ্তৃপক্ষক খবৰ দিয়ে । লগে লগে বাগিচা কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । মৃত লোকজন ভূঞাখাট চাহ বাগিচাৰ ৰুবুল মালাকাৰ বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে, ৰুবুল মালাকাৰ বিবাহিত । ইয়াৰ বিপৰীতে মৃত যুৱতীগৰাকীৰ নাম-ঠিকনা এই মুহুৰ্তলৈকে জানিব পৰা হোৱা নাই । দুয়োটা মৃতদেহৰ মুখৰ পৰা ফেন ওলাই থকা পৰিলক্ষিত হৈছে । আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে ।
অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে দুয়োৰে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ।
কি কাৰণে, কেনেকৈ এই ঘটনা সংঘটিত হ'ল সেই ৰহস্য এতিয়াও উদঘাটন হোৱা নাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । মৃতদেহ দুটা উদ্ধাৰ হোৱাৰ পাাছতে চাহ বাগিচাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: কিয় কৰ্তব্যৰত বনকৰ্মীক আক্ৰমণ কৰিলে মাছমৰীয়াৰ দলে ?