ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 17, 2022, 7:08 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

কংগ্ৰেছ এৰি তৃণমূলত যোগদান ৰিপুন বৰাৰ

ৰাজ্যৰ ৰাজনীতিত আন এক ধুমুহাৰ সৃষ্টি কৰি দল এৰিলে প্ৰবীণ কংগ্ৰেছ নেতা ৰিপুণ বৰাই ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই দেওবাৰে কংগ্ৰেছ দলৰ পৰা বিদায় ললে ৰিপুণ বৰাই (Ripun Bora Resigns Congress)। কংগ্ৰেছ দল ত্যাগ কৰিয়েই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৷

কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল বৰপেটাৰ দুই জেহাদী

শুকুৰবাৰে আৰক্ষীয়ে জেহাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল 6 জনকৈ লোকক (Jihadi members arrested in Barpeta) ৷ আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা ছয়জনৰ ভিতৰত এজন জেহাদী কাপোৰৰ দোকানী আৰু আন এজন মটৰ চাইকেলৰ মেকানিক হিচাপে কাম কৰি আছিল ৷

Road accident at Gohpur: বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত SP আৰু DC

অভিশপ্ত শনিবাৰ ৷ শনিবাৰৰ মাজনিশা দুৰ্ঘটনাত পতিত হয় এটা বিহুৱা দলৰ বাহন(Road accident at Gohpur) ৷ ফলত থিতাতে নিহত হয় বিহুৱা দলটোৰ 5 গৰাকী সদস্য (Five persons died in a road accident) ৷ আনহাতে, দেওবাৰে বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তগৰাকীয়ে ৷

অপহৰণ আৰু তাৰপাছত ধনদাবী: আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া

ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াকেইগৰাকীয়ে এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ কৰি ধনদাবী কৰাৰ অভিযোগ উঠিছে ৷ কিন্তু বৰপেটা আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ৰঙিয়াৰ পৰা আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ(Anti-Corruption & Crime Control Bureau) ভুৱা বিষয়াকেইগৰাকীক ৷

মোডীৰ অসম প্ৰীতি: বানৰ ক্ষতিপূৰণৰ নামত ১০১৮ কোটি টকাৰ বিপৰীতে দিলে ৫১.৫৩ কোটি টকা

2021-22 চনত বানত হোৱা ক্ষয়ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,018.19 কোটি টকাৰ সহায় বিচাৰি আবেদন জনাইছিল (Assam government asking flood aid) । পিছে কেন্দ্ৰই বানৰ ক্ষতিপূৰণৰ বাবে আবেদন জনোৱা পুঁজিৰ মাত্ৰ 5 শতাংশহে আবণ্টন দিছে ৷ ইফালে গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগক দিছে বৃহৎ পৰিমাণৰ পুঁজি ।

মোডী আহিব : ১০ হাজাৰ গাড়ী বিচাৰি পৰিবহণ বিভাগত হাহাকাৰ

অহা ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to arrive in Assam)। ডিব্ৰুগড় আৰু ডিফুৰ বিশাল কাৰ্যসূচীত অংশ ল'ব মোডীয়ে । ডিফুৰ ৰেলীত কমেও পাঁচ লাখ লোক সমবেত কৰাবলৈ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে । ইয়াৰ বিশেষ দায়িত্ব দিয়া হৈছে পৰিবহণ বিভাগক । যাৰ বাবে অতি ব্যস্ত হৈ পৰিছে অসমৰ পৰিবহণ বিভাগ ।

অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক কৰা হৈছে তিনি সৰবৰাহকাৰীক (Anti drugs mission in Lakhimpur)৷ আৰক্ষীৰ অভিযানত আটক হোৱা সৰবৰাহকাৰীকেইটা হৈছে হাৰমতীৰ ২ নং পাবতীপুৰৰ ডিনেল বৰী, কাঠনিৰ বৃন্দাবন ব্ৰহ্ম আৰু অৰুণাচলৰ টাম টাদে (Drugs peddler arrested in Lakhimpur)৷

গোৰেশ্বৰত শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱ পালন

পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে শৰণীয়া কছাৰীসকলে পালন কৰিলে বাঁহ গোসাঁই উৎসৱ (Bah Gosai festival celebration)। এই উৎসৱক লৈ গোৰেশ্বৰত দেখা গ'ল উৎসাহ । ঘৰে ঘৰে বাঁহ গোসাঁই লৈ যোৱাৰ সমান্তৰালকৈ গৃহস্থই ল'লে সেৱা ।

Rangali Bihu 2022 : মুদৈজান ভৰলুৱা গাঁৱত উদযাপন তাঁত বিহু

আজি 3 ব’হাগ অৰ্থাৎ তাঁত বিহু ৷ তাঁত বুলিলে অসমীয়া গ্ৰামাঞ্চলৰ এক বিশেষ ছবি মনলৈ আহে ৷ তাঁত বিহু(Tat Bihu celebrations at Teok) উপলক্ষে টীয়কৰ সংবাদদাতা সাৰংগপাণি শইকীয়াই মুদৈজান ভৰলুৱা গাঁৱৰ পৰা যুগুত কৰা বিশেষ প্ৰতিবেদন...

যোৰহাট পালেহি জম্মুত আৱদ্ধ হৈ থকা সৰুমাই

জম্মুত উদ্ধাৰ অসমৰ ৬০ৰ উৰ্ধৰ মহিলা (Assam old woman rescued from Jammu) । সামাজিক মাধ্যমত মহিলাগৰাকীৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে । অসম আৰক্ষীৰ এটা দল জম্মুত উপস্থিত হৈ উদ্ধাৰ কৰে সৰুমাই নামৰ মহিলাগৰাকীক । সম্প্ৰতি যোৰহাটৰ এটা আশ্ৰয় গৃহত আছে সৰুমাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.