ETV Bharat / state

চৰাইদেউৰ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

চৰাইদেউ জিলাৰ খোকামৰা চাৰিআলিত সংঘটিত অগ্নিকাণ্ড ঘটনাৰ বুজ ল'বলৈ সেইস্থানত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন । ঘটনাত মৃত্যু হোৱা এগৰাকী ব্যক্তিৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চৰকাৰীভাৱে অনুমোদিত এককালীন সাহায্য অতি শীঘ্ৰে মৃত ব্যক্তিজনৰ পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

khokamora
চৰাইদেউৰ ভয়ংকৰ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Jun 15, 2021, 1:30 PM IST

মৰাণ,১৫ জুন : চৰাইদেউ জিলাৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত মাহমৰাৰ খোকামৰা চাৰিআলিত দেওবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত এজন ব্যক্তিৰ থিতাতে মৃত্যু হয় । প্ৰাপ্ত তথ্য অনুসৰি, খোকামৰা চাৰিআলিৰ মইনা চাওৰা নামৰ ব্যক্তিজনৰ বাসগৃহত নিশা প্ৰায় ৭ মান বজাত আকস্মিকভাৱে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ।

সেই সময়ত মইনা চাওৰা নামৰ ব্যক্তিগৰাকী ঘৰৰ ভিতৰত শুই আছিল । জুইৰ লেলিহান শিখাই চাৰিওফালে আৱৰি ধৰাত ব্যক্তিজন বাহিৰলৈ ওলাই আহিবলৈ সক্ষম নহ'ল । যাৰ ফলত জুইয়ে আগুৰি ধৰা ঘৰটোৰ ভিতৰতে ব্যক্তিজন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ঘৰখনৰ সমস্ত বয়-বস্তু জুইত জাহ যায় । অৱশ্যে পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

khokamora
চৰাইদেউৰ ভয়ংকৰ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃত ব্যক্তিজনৰ পত্নী যোৱা তিনি মাহৰ পূৰ্বে মৃত্যু হৈছিল । চৰকাৰী অনুমোদিত ঘৰটো অগ্নিকাণ্ডত নিশেষ হোৱাৰ পিছত উক্ত স্থানত মঙলবাৰে উপস্থিত হয় অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু পাৰ্বত্য অঞ্চল উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ।

মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া জাভেদ আৰমান, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্থানীয় মিলন গাঁও পঞ্চায়তৰ সভাপতি নৱ বৰুৱা আৰু চেপন আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাটো প্ৰাথমিক তদন্ত আৰম্ভ কৰে ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডত মৃত্যু হোৱা ব্যক্তিজনৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চৰকাৰীভাৱে অনুমোদিত এককালীন সাহায্য ব্যক্তিজনৰ পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: হোজাইত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.