ETV Bharat / state

Manipuri refugees in Assam: মণিপুৰৰ শৰণাৰ্থীসকলক ঘৰলৈ ঘূৰি যাবলৈ আহ্বান

author img

By

Published : May 17, 2023, 1:00 AM IST

কাছাৰ আৰু মণিপুৰৰ জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষকৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয় । মণিপুৰৰ পৰা অসমৰ কাছাৰ জিলাত আশ্ৰয় লৈ থকা সকলে নিজ নিজ নিজ স্থানলৈ উভতি যাবলৈ আহ্বান জিলা আৰক্ষীৰ (Manipuri refugees in Assam) ৷

urgent-meeting-of-cachar-and-ziribam-police-about-manipuri-refugees
মণিপুৰৰ শৰণাৰ্থীসকলক ঘৰলৈ ঘুৰি যাবলৈ আহ্বান

নিউজ ডেস্ক, 16 মে’: ক্ৰমাৎ শাম কাটিছে মণিপুৰৰ পৰিস্থিতি ৷ মণিপুৰৰ পৰিস্থিতি দেখি শংকিত হৈছে প্ৰায় 2000 মণিপুৰী লোকে অসমৰ কাছাৰ জিলাত আশ্ৰয় লয়হি (Manipuri refugees in Assam) ৷ ইয়াৰ পিচতে মঙলবাৰে কাছাৰ আৰু মণিপুৰৰ জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষকৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয় । মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ ৰাজ্যৰ জিৰিবাম আৰক্ষী অতিথিশালাত কাছাৰ আৰু জিৰিবাম আৰক্ষী ছুপাৰৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় (Urgent meeting of Cachar and Ziribam police)।

মঙলবাৰে আৰক্ষী অধীক্ষক নোমল মাহাত্তা আৰু কাছাৰৰ ডি এছ পি সুব্ৰত সেনে প্ৰথমে লক্ষীপুৰৰ প্ৰতিটো আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শৰণাৰ্থীসকলৰ বিষয়ে সোধা-পোছা কৰে । তাৰ পাচত জিৰিবাম পুলিচ গেষ্ট হাউচত জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষক এম প্ৰদীপ সিঙৰ সৈতে বহু সময় ধৰি বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে । এই বৈঠকত জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষক এম প্ৰদীপ সিং, কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা, কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন, লক্ষীপুৰ এছ ডি পি অ’ দীনেশ কুমাৰৰ লগতে জিৰিবাম এছ ডি পি অ’ও উপস্থিত থাকে ৷

বৈঠকৰ অন্তত আৰক্ষী অধীক্ষক এম প্ৰদীপ সিঙে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে, মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ আহিছে ৷ মণিপুৰৰ পৰা অসমৰ কাছাৰ জিলাত আশ্ৰয় লৈ থকা সকলে নিজ নিজ নিজ স্থানলৈ উভতি যাব পাৰিব ৷ অৱশ্যে মণিপুৰত এতিয়া বসবাস কৰিব পৰাকৈ লোকসকলৰ ঘৰসমূহ পূৰ্বৰ দৰে হৈ থকা নাই ৷ প্ৰকৃততে মণিপুৰত ঘৰৰ পৰা লোকসকলক পলাই যাব লগাকৈ তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাছিল ৷

সামাজিক মাধ্যমত একাংশই বিয়পোৱা ভুল তথ্যৰ বাবে লোকসকলে ৰাজ্য এৰি পলাই আহিছিল ৷ বৰ্তমান জিৰিবামত শান্তি বজাই ৰাখিবলৈ বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ কাৰ্ফিউ বলৱৎ কৰা হৈছে আৰু পুৱা ৫ বজাৰ পৰা বিয়লি ৩ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে । সেয়ে কাছাৰত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলক অতি সোনকালে ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ইফালে, কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে, পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । মণিপুৰৰ পৰা লক্ষীপুৰত আশ্ৰয় লোৱা বহু লোক এতিয়া ঘৰলৈ উভতি গৈছে । কিন্তু যিসকল এতিয়াও আশ্ৰয় শিবিৰত আছে তেওঁলোকক আৰক্ষীৰ তত্বাৱধানত সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হৈছে । তেওঁলোকৰ সুৰক্ষাৰ বাবে বৰ্তমান জিৰিবাম আৰু কাছাৰ আৰক্ষীৰ যৌথভাৱে টহল অব্যাহত আছে ।

লগতে পঢ়ক: Violence Hits Manipur : ইম্ফলত সুৰক্ষা বাহিনীৰ উচ্চস্তৰীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.