কাছাৰ, ১৩ জুনঃ কাছাৰৰ মেসিপুৰ আৰু ৰোজকান্দি চাহ বাগানৰ কর্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ । প্ৰায় পাঁচ হাজাৰ শ্ৰমিকৰ উপস্থিতিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।
মেসিপুৰ আৰু ৰোজকান্দি চাহ বাগানৰ মেনেজাৰ ইশ্বৰ ভাই ওৱাদিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । ওৱাদিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে চাহ শ্ৰমিকসকলে । উক্ত চাহ বাগানখনৰ মেনেজাৰক বহিস্কাৰৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে । লগতে বাগানখনৰ শ্ৰমিকসকলৰ ওপৰত মেনেজাৰ ওৱাদিয়াই দীৰ্ঘ দিন ধৰি অন্যায়-অবিচাৰ চলাই অহাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ।
লগতে আন এটা বাতৰি- গোলাঘাটত প্ৰাপ্য ধন বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ