ETV Bharat / state

প্ৰতিষেধক নোপোৱাৰ বাবে ৰংপুৰত প্ৰতিবাদ

author img

By

Published : Jul 1, 2021, 3:21 PM IST

ৰংপুৰৰ ড৹ বি চি ৰয় মেম'ৰিয়েল একাডেমীত নিশাৰে পৰা একাংশ লোকে প্ৰতিষেধক ল'বলৈ ভীৰ কৰে । প্ৰতিষেধক উপলব্ধ নোহোৱাৰ বাবেই তেওঁলোকক দিয়া নহ'ল প্ৰতিষেধক । যাৰ বাবে উত্তেজিত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী হাতত লয় ।

vaccine crisis
প্ৰতিষেধক নোপোৱাৰ বাবে ৰংপুৰত প্ৰতিবাদ

শিলচৰ, ১ জুলাই : দেশত কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত থকাৰ মাজতে প্ৰতিষেধক (Vaccine) প্ৰদান কাৰ্যসূচী চলাই গৈছে প্ৰতিখন ৰাজ্যই । অসমত ইতিমধ্যে প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা দিছে স্বাস্থ্য বিভাগে (Health Department) । কঠোৰভাৱে সকলো লোককে প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰে । আনকি চৰকাৰে দাবী কৰিছে যে অতি দ্ৰুতগতিত প্ৰতিখন জিলাতে প্ৰতিশেধক প্ৰদানৰ কাৰ্যসূচী লোৱা হৈছে ।

কিন্তু সঁচা অৰ্থত জনো প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সফল হৈছে ? এতিয়াও বহু ঠাইত ৰাইজে প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । প্ৰতিষেধকৰ নাটনিৰ (Vaccine Crisis) বাবে বহু প্ৰতিষেধক কেন্দ্ৰ বন্ধ কৰিবলগীয়া হৈছে । ঠায়ে ঠায়ে আকৌ ৰাইজে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি থাকিও লাভ কৰিব পৰা নাই প্ৰতিষেধক ।

এইবাৰ প্ৰতিষেধক নোপোৱাৰ বাবেই শিলচৰৰ ৰংপুৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে একাংশ লোকে । পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক যোগানৰ দাবীত ৰংপুৰত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে । বহুসময় ধৰি ৰাজপথ অৱৰোধ কৰি ৰাখিলে উত্তেজিত ৰাইজে ।

প্ৰতিষেধক নোপোৱাৰ বাবে ৰংপুৰত প্ৰতিবাদ

উল্লেখ্য যে, ৰংপুৰৰ ড৹ বি চি ৰয় মেম'ৰিয়েল একাডেমীত নিশাৰে পৰা একাংশ লোকে প্ৰতিষেধক ল'বলৈ ভীৰ কৰে । বিদ্যালয়খনতে নিশাও কটালে একাংশ লোকে । তাৰপিছত পিছদিন পুৱাৰে পৰা আকৌ শাৰীত থিয় হয় লোকসকল । কিন্তু পুৱা প্ৰায় ৯ মান বজাত স্বাস্থ্য বিভাগৰ লোকে জনাই যে তেওঁলোকক প্ৰতিষেধক দিয়া নহ'ব ।

প্ৰতিষেধক উপলব্ধ নোহোৱাৰ বাবেই দিয়া নহ'ব । এই কথা জনাৰ পিছতে উত্তেজিত হৈ পৰে নিশাৰে পৰা শাৰীত থকা লোকসকল । তেওঁলোকে পিছত ৰংপুৰ ভিআইপি পথটো অৱৰোধ কৰে ।

শিলচৰ সদৰ আৰক্ষী বিষয়া দিতুমণি গোস্বামী আৰু জিলা দণ্ডাধীশে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ চেষ্টা কৰে । অৱশেষত ৰাইজে পথ অৱৰোধ উঠাই লয় । ৰাইজে দাবী কৰা মতে অতি শীঘ্ৰে ৰংপুৰত প্ৰতিষেধক কেন্দ্ৰৰ (Vaccination centre) সংখ্যা বৃদ্ধি কৰিব লাগে ।

লগতে পঢ়ক : কুটীৰ শিল্পক লৈ আমগুৰিত প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.