নিউজ ডেস্ক, ২১ জুন : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি সোমবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ কাৰ্বি আংলং ক্ৰীড়া ভাৰতীৰ উদ্যোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (INTERNATIONAL YOGA DAY) উদযাপন কৰা হয় ৷ ডিফুৰ ফাৰ্মাৰ্চ এণ্ড গ্ৰ'থ চেণ্টাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (INTERNATIONAL YOGA DAY)ত সাংসদ হৰেণছিং বে', কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণে যোগ চৰ্চা কৰে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বে'ই আন্তৰ্জাতিক যোগ দিৱস (INTERNATIONAL YOGA DAY)ৰ তাৎপৰ্য বাখ্যা কৰে ৷
যোগাসনে শাৰিৰীক অৱসাদ দূৰ কৰাৰ লগতে শাৰিৰীক আৰু মানসিক স্বাস্থ্য সুস্থ-সবল কৰি ৰাখে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰতীয় সেনা (INDIAN ARMY)ই সোমবাৰে পাহাৰৰ সুউচ্চ শিখৰত যোগাসন কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (INTERNATIONAL YOGA DAY) পালন কৰে ৷ ভাৰতীয় সেনাৰ স্পয়েৰ কৰ, অসম ৰাইফলছ, আইজিপিআৰ নাগালেণ্ডৰ লগতে সমগ্ৰ সীমান্ত অঞ্চলত কৰ্মৰত সেনা জোৱানসকলে এই যোগাসনত অংশগ্ৰহণ কৰে ।
সেনা জোৱানসকলে ক’ভিড নিৰ্দেশনা অনুসৰি যোগ দিৱস পালন কৰে । কাছাৰ জিলাতো সোমবাৰে প্ৰশাসনৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (INTERNATIONAL YOGA DAY) পালন কৰা হয় । অনুষ্ঠানত কাছাৰ জিলাৰ স্থানীয় বিধায়ক, আৰক্ষী অধীক্ষক আৰু চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা