ETV Bharat / state

আৰক্ষীৰ জালত কাটিগড়াৰ খণ্ড উন্নয়ন বিষয়া

author img

By

Published : Jul 12, 2021, 11:22 AM IST

দুৰ্নীতিকাৰীসকলৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো কেৰেপ কৰা নাই একংশ চৰকাৰী বিষয়াই ৷ চৰকাৰী ধনৰ ব্যাপক কেলেংকাৰী সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন কৰ্মচাৰী ৷

bdo-of-katigorah-arrested-by-police
আৰক্ষীৰ জালত কাটিগৰাৰ খণ্ড উন্নয়ন বিষয়া

কাছাৰ, 12 জুলাই : এনৰেগা আঁচনিত ব্যাপক দুর্নীতি সংঘটিত কৰাৰ অভিযোগত কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাটিগড়া ব্লকৰ খণ্ড উন্নয়ন বিষয়া সুজা হোসেন মজুমদাৰক আটক কৰিছে কাটিগড়া আৰক্ষীয়ে ৷ ইতিমধ্যে বিষয়া গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে তদন্ত চলোৱাৰ খবৰ পাই বিষয়াগৰাকীয়ে আত্মগোপন কৰাৰ চেষ্টা চলাইছিল ৷ অৱশেষত হাইকান্দি জিলাৰ লক্ষ্মী চহৰৰ ঘৰৰ তেওঁক আটক কৰে আৰক্ষীয়ে ৷

এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ কাটিগড়াতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ৷ উল্লেখ্য যে, বহুদিনৰ আগৰে পৰা কাটিগড়া ব্লকৰ খণ্ড উন্নয়ন বিষয়া সুজা হোসেন মজুমদাৰৰ বিৰুদ্ধে বিভিন্ন চৰকাৰী আঁচনিত ব্যাপক কেলেংকাৰী সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত মুকলিকৈ ঘূৰি ফুৰিছিল বিষয়াগৰাকীয়ে ৷ অৱশেষত শনিবাৰে কাছাৰ জিলাৰ এগৰাকী উচ্চ পদস্থ বিষয়াই বিভিন্ন কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত খণ্ড উন্নয়ন বিষয়া সুজা হোসেন মজুমদাৰৰ বিৰুদ্ধে কাটিগড়া থানাত এক গোচৰ ৰুজু কৰে ৷

উক্ত গোচৰৰ ভিত্তিতে বিষয়াগৰাকীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আৰক্ষীৰ জালত কাটিগড়াৰ খণ্ড উন্নয়ন বিষয়া

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ যিমানেই কঠোৰ হৈছে, সিমানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ একপ্ৰকাৰে যেন মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে ৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ পানীতোলা গাঁও পঞ্চায়তত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছিল পঞ্চায়ত সচিব মৃদুপৱন চেতিয়া ৷

পঞ্চায়তখনৰ সচিব মৃদুপৱন চেতিয়াই তিনিজন যুৱকৰ পৰা স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিনিময়ত ৫০০ টকাৰ উৎকোচ বিচাৰিছিল ৷ তাৰপাচতে যুৱককেইজনে সোমবাৰে টকা দিবলৈ যাওঁতেই পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনকান্ত সোণোৱালে হাতে-লোটে আটক কৰিছিল সচিব গৰাকীক ৷ আৰক্ষীয়ে আটক কৰা সচিবগৰাকীয়ে টকাখিনি কাৰ্যালয়ৰ কামত ব্যৱহাৰৰ বাবে কাগজ কিনিবলৈহে বিচাৰিছিল বুলি সদৰী কৰে ৷ এইদৰে বৰ্তমানেও চৰকাৰৰ দুৰ্নীতি বিৰোধী নীতিক বুঢ়া আঙুলি দেখুৱাই আহিছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷

লগতে পঢ়কঃ উৎকোচ লৈ আটক হ’ল পঞ্চায়ত সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.