কাচাৰ, ৬ জুলাইঃ অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত উত্তপ্ত পৰিস্থিতি ৷ বন বিভাগৰ ঘৰ নিৰ্মাণ কাৰ্যত বাধা মিজো আৰক্ষীৰ ৷ কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰ ফৰেষ্ট বিট অফিচৰ এটা ঘৰ নিৰ্মাণত বাধা প্ৰদান মিজো আৰক্ষীৰ ৷ কিন্তু মিজো আৰক্ষীৰ দাবী, অসম চৰকাৰে যি মাটিত নিৰ্মাণ কাৰ্য চলাইছে সেই মাটিখিনি মিজোৰামৰ ৷ ফলত দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে মিজো আৰক্ষীৰ দলটোক খেদি পঠিয়াবলৈ সক্ষম হয় । ইয়াকে লৈ এতিয়া সমগ্ৰ অসম মিজোৰাম সীমান্ত অঞ্চলত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে ।
লগতে আন এটা বাতৰি- সাৱধান ! 1094 খন গাঁৱলৈ জাপানীজ এনকেফেলাইটিছৰ ব্যাধি