ETV Bharat / state

বঙাইগাঁৱত ৰাজপথতে জ্বলি উঠিল ট্ৰেভেলাৰ

author img

By

Published : Apr 14, 2021, 8:07 PM IST

বঙাইগাঁও জিলাৰ পাতিলাদহাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলি উঠিল সেনা জোৱান কঢ়িয়াই নিয়া ট্ৰেভেলাৰ । পাতিলাদহা তিনিআলিত সংঘটিত হয় এই ঘটনা । কোকৰাঝাৰৰ পৰা বাক্সা জিলাৰ তামুলপুৰলৈ গৈ আছিল ট্ৰেভেলাৰখন ।

traveller carrying army caught fire in bongaigaon
বঙাইগাঁৱত ৰাজপথতে দপদপকৈ জ্বলিল ট্ৰেভেলাৰ

চিৰাং, ১৪ এপ্ৰিল: বুধবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰত ভয়াৱহ ঘটনা সংঘটিত হয় । জিলাখনৰ পাতিলাদহা তিনিআলিত কেইবাগৰাকীও সেনা জোৱান কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ বাহন ৰাজপথতে দপদপকৈ জ্বলি উঠে । পাতিলাদহা তিনিআলিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয় ।

পাতিলাদহাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথতে জ্বলিল সেনাৰ ট্ৰেভেলাৰ

জানিব পৰা মতে, কোকৰাঝাৰৰ পৰা বাক্সা জিলাৰ তামুলপুৰলৈ গৈ থকা অৱস্থাতে ট্ৰেভেলাৰ খনৰ যান্ত্ৰিক বিজুতি ঘটে । বাহনখনত শব্দ হৈ থকাত চালকে বাহনখন ৰখাই ভালদৰে চোৱাত তলৰ অংশত জুই জ্বলি থকা প্ৰত্যক্ষ কৰে । ইয়াৰ কিছু সময়ৰ পাছতে বাহনখন দপদপাই জ্বলি উঠে । উল্লেখ্য যে, ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ সময়লৈকে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱা নাছিল ।

লগতে পঢ়ক:কৰ’ণাতংকৰ মাজতে লক্ষাধিক টকাৰ বাজেটেৰে সাজু বিহুতলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.