ETV Bharat / state

হেড ছাৰৰ দুৰ্গতি

সাধাৰণতে প্ৰধান শিক্ষক বুলিলে সকলোৱে সমীহ কৰে সমাজত ৷ বিভিন্ন বিষয়ত তেখেতৰ মন্তব্যকো বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হয় ৷ কিন্তু হস্তীৰো পিচলে পাও, সজ্জনৰো বুৰে নাও ৷ নিজে কৰা ভুলৰ বাবে এতিয়া ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলাব লগীয়া হৈছে এগৰাকী প্ৰধান শিক্ষক ৷

Protest against headmaster of East ghuramara Primary School
পূব ঘোৰাঁমাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Aug 13, 2021, 7:19 PM IST

বঙাইগাঁও, 23 আগষ্ট : শিক্ষকবুলি ক’লেই আমাৰ মনলৈ আহে শ্ৰদ্ধাৰ ভাৱ ৷ সাধাৰণতে সমাজত শিক্ষকসকলক এক বিশেষ স্থান দিয়া হয় ৷ যাৰ বাবে ছাত্ৰজনৰ লগতে গাঁৱৰ দোকানীজনলৈকে সকলোৰে বাবে সেই বিশেষ ব্যক্তিজন হৈ পৰে ছাৰ ৷ কিন্তু একাংশ লোকৰ কৃতকৰ্মৰ বাবে যেন এই বিশেষ সন্মানজনক পদটোৱে গৰিমা হেৰুৱাইছে ৷

বঙাইগাঁৱতো তেনে এক ঘটনা সংঘটিত হৈছে ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ ঘোৰাঁমাৰা প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কাৰ্যকৰী সভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থানীয় একাংশ লোকে সদৰি কৰা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মইমতালিৰ বাবেই পৰিস্থিতি উত্তপ্ত হয় ৷ অভিযোগ অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বাবে অহা ইউনিফৰ্মৰ টকা আৰু মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে ৷

ইয়াৰ সমান্তৰাভাৱে নিজ ইচ্ছা মতে বিদ্যালয়খনৰ পূৰ্বৰ পৰিচালনা সমিতি আঁতৰাই নতুন সমিতি গঠন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ পূৰ্বৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যই প্ৰধান শিক্ষক গৰাকীৰ সন্দৰ্ভত কয়, ৰাইজে নিৰ্বাচিত কৰা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক আঁতৰাই নতুনকৈ সভাপতি নিৰ্বাচিত কৰি দুৰ্নীতি সংঘটিত কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে ৷ পূৰ্বৰ সভাপতি গৰাকীকো এই সন্দৰ্ভত কোনো ধৰণৰ কথা অৱগত কৰা নাই প্ৰধান শিক্ষক গৰাকীয়ে ৷

পূব ঘোৰাঁমাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম বিতৰণৰ বাবে এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰিছিল প্ৰধান শিক্ষকজনে । উক্ত সভাতে স্থানীয় ৰাইজে প্ৰধান শিক্ষকৰ পৰা বিভিন্ন শিতানৰ হিচাপ বিচৰাত, হিচাপ দিব নোৱাৰাৰ বাবে উত্তেজনাৰ সৃষ্টি হয় ।

লগতে পঢ়ক : চৰাইদেউৰ সমীপৱৰ্তী নাগালেণ্ডত গ্ৰেনেড বিস্ফোৰণ

স্থানীয় আন এগৰাকী লোকে সদৰি কৰা মতে, পৰিচালনা সমিতিক কোনো কথা অৱগত নকৰাকৈয়ে শিক্ষক গৰাকীয়ে বিদ্যালয়লৈ অহা বিভিন্ন শিতানৰ ধন খৰচ কৰিছে ৷ যাৰ হিচাপ দিবলৈ অসমৰ্থ শিক্ষক গৰাকী ৷ ইফালে, প্ৰায় এবছৰৰ আগতে অহা ছাত্ৰ-ছাত্ৰী ইউনিফৰ্ম বিতৰণ নকৰাকৈয়ে সাঁচি ৰাখিছিল শিক্ষক গৰাকীয়ে ৷

"মধ্যাহ্ন ভোজনৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে ৷ মধ্যাহ্ন ভোজনৰ চাউল বিদ্যালয়ৰ গুদামত থোৱাৰ বিপৰীতে নিজ ঘৰত হে ৰাখিছে শিক্ষক গৰাকীয়ে ৷" শিক্ষক গৰাকীৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

বিদ্যালয়ৰ কোনো শিতানৰ হিচাপ দিব নোৱাৰাত আৰু নিজ ইচ্ছা মতে বিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতি সলনি কৰাক লৈ ৰাইজৰ উগ্ৰমূৰ্তি দেখি প্ৰধান শিক্ষকে বিদ্যালয়ৰ পৰা পলায়ন কৰে । ইয়াৰ লগে লগে উত্তেজিত ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰধান শিক্ষকক নিলম্বন কৰাৰ দাবী উত্থাপন কৰে । মন কৰিবলগীয়া পূৰ্বতেও প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ বিভিন্ন কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক: ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.