ETV Bharat / state

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

author img

By

Published : Jun 16, 2021, 10:51 PM IST

উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট”ত আৰক্ষীৰ অভিযান । অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন । উদ্ধাৰ হোৱা টকা খিনিৰ মূল্য ৪,৫৩,৮৯৭ টকা ৷

police-raid
বঙাইগাঁৱৰ “যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট”ত আৰক্ষীৰ অভিযান

বঙাইগাঁও, 16 জুন : বঙাইগাঁৱৰ যোগীঘোপাত “যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট” ত আৰক্ষীৰ অভিযান । দীৰ্ঘদিনৰ পৰা ৰেষ্টুৰেন্ট আৰু ৰিজৰ্টখনত অবৈধ জুৱাখেল চলাৰ অভিযোগৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে বুধবাৰে অভিযান চলায় । উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত এই অভিযান চলায় । অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন । উদ্ধাৰ হোৱা টকা খিনি হৈছে ৪,৫৩,৮৯৭ টকা ৷ লগতে আৰক্ষীয়ে ৩ খন বিলাসী বাহন আৰু ৬ টাকৈ ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ।

ইপিনে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰে ৬ টাকৈ জুৱাৰী । আটকাধীন জুৱাৰী কেইটা হ’ল দিলোৱাৰ হুছেইন, ছহিদুল হক, ছফিকুল ইছলাম, গণিৰুদ্দিন আহমেদ, মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতী ৷ আনহাতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জুৱা খেল খনৰ আয়োজক নজৰুল হকক । উল্লেখযোগ্য যে, নজৰুল হক ৰেষ্টুৰেন্টখনৰ মেনেজাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়কঃ পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.