বঙাইগাঁও,২৫ ফেব্ৰুৱাৰী: ২১ ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ সাজু কংগ্ৰেছ । দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দি দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰক এইবাৰ নিৰ্বাচনত ওফৰাবলৈ সাজু বিৰোধী দল । বিগত সাতটা কাৰ্যকালে ৩২ নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিটো অগপ দলে দখল কৰি থকাত এইবাৰ এই সমষ্টিটো কংগ্ৰেছে দখল কৰিবলৈ সাজু বুলি দাবী কৰে বঙাইগাঁৱৰ একমাত্ৰ কংগ্ৰেছ বিধায়ক আব্দুল হাই নাগৰিয়ে ।

বুধবাৰে পুৰণি বঙাইগাঁৱত সমষ্টিটোৰ অন্তৰ্গত ডাংতল ব্লক আৰু বঙাইগাঁও পৌৰসভা ব্লক কংগ্ৰেছৰ ভিত্তিত আয়োজিত বুথ সমুহৰ মাজত আয়োজিত সভাত অংশগ্ৰহণ কৰি উত্তৰ অভয়াপুৰী সমষ্টিটোৰ বিধায়ক আব্দুল হাই নাগৰিয়ে এইদৰে মন্তব্য কৰে । কংগ্ৰেছৰ দিনতে বঙাইগাঁৱত উৰণীয়া সেঁতু, অসামৰিক চিকিৎসালয় হৈছে বুলি দাবী নাগৰিৰ । বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে সমষ্টিৰ কাম কৰা নাই বুলি সমালোচনা কৰে নাগৰিয়ে । একেদৰে ফণীভূষণ চৌধুৰীয়ে পাকঘৰৰ ৰাজনীতি কৰিয়ে ইমান বছৰে ৰাজনীতি কৰি আহিছে বুলি দোহাৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে ।
বঙাইগাঁও পৌৰসভা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ লোধ ৰায়ৰ পৌৰহিত্যত অনুষ্ঠিত বুথ সমুহৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত বিধায়ক আব্দুল হাই নাগৰিৰ লগতে জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃণাল অধিকাৰী, ভাস্কৰ সৰকাৰে দলীয় কৰ্মীসকলৰ আগত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায় ।
লগতে পঢ়ক: কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ