বিশ্বনাথ,15 অক্টোবৰঃ আৰম্ভ হ'ব আন এক নতুন বৰ্ষ ৷ শাৰদীয় বতৰাই কঢ়িয়াই আনিছে নতুন বৰ্ষৰ সুবাস ৷ কঢ়িয়াই আনিছে নতুন সপোন, নতুন দিগন্ত আৰু নতুন আশা-উদ্দীপনা ৷ এই শাৰদীয় বতৰত অসমলৈ বৈছে পৰ্যটকৰ সোঁত ৷ গুপ্তকাশী বিশ্বনাথ ঘাটলৈ বিদেশী পৰ্যটকৰ সমাগম ৷ গুপ্তকাশী বিশ্বনাথ ঘাটলৈ সুদূৰ ইজৰাইলৰ পৰা আহিছে এটা পৰ্যটকৰ দল ৷ ইজৰাইলৰ পৰা আগমণ ঘটিছে ৫ গৰাকী পৰ্যটকৰ ৷ বিশ্বনাথৰ গ্ৰীণ আচিয়ানা ৰিৰ্জটৰ স্বত্বাধিকাৰী কিশোৰ হাজৰিকাই প্ৰকাশ কৰে যে,অসমীয়া সংস্কৃতি দেখি উৎফুল্লিত হৈ পৰিছে বিদেশী পৰ্যটকসকল।
শাৰদীয় বতৰত গুপ্তকাশী বিশ্বনাথ ঘাটলৈ বিদেশী পৰ্যটকৰ সমাগম
গুপ্তকাশী বিশ্বনাথ ঘাটলৈ ইজৰাইলৰ পৰা আহিছে এটা বিদেশী পৰ্যটকৰ দল ৷ বিশ্বনাথৰ সৌন্দৰ্যত মুগ্ধ বিদেশী পৰ্যটক ৷
বিশ্বনাথ,15 অক্টোবৰঃ আৰম্ভ হ'ব আন এক নতুন বৰ্ষ ৷ শাৰদীয় বতৰাই কঢ়িয়াই আনিছে নতুন বৰ্ষৰ সুবাস ৷ কঢ়িয়াই আনিছে নতুন সপোন, নতুন দিগন্ত আৰু নতুন আশা-উদ্দীপনা ৷ এই শাৰদীয় বতৰত অসমলৈ বৈছে পৰ্যটকৰ সোঁত ৷ গুপ্তকাশী বিশ্বনাথ ঘাটলৈ বিদেশী পৰ্যটকৰ সমাগম ৷ গুপ্তকাশী বিশ্বনাথ ঘাটলৈ সুদূৰ ইজৰাইলৰ পৰা আহিছে এটা পৰ্যটকৰ দল ৷ ইজৰাইলৰ পৰা আগমণ ঘটিছে ৫ গৰাকী পৰ্যটকৰ ৷ বিশ্বনাথৰ গ্ৰীণ আচিয়ানা ৰিৰ্জটৰ স্বত্বাধিকাৰী কিশোৰ হাজৰিকাই প্ৰকাশ কৰে যে,অসমীয়া সংস্কৃতি দেখি উৎফুল্লিত হৈ পৰিছে বিদেশী পৰ্যটকসকল।
মাজত মাথোঁ
দুটা মাহ , আৰাম্ভ হ'ব আন এক নতুন বৰ্ষৰ ।
শাৰদীয় বতৰাই কঢ়িয়াই আনিছে এক নতুন দিগন্তৰ সুৱাস ।
কঢ়িয়াই আনিছে ন ন সপোন ।
লগতে এতিয়া কঢ়িয়াই আনিছে সেউজীয়া ধৰনীৰ সোনৰ অসমত পৰ্যটকৰ আগ মন ।
সাত সাগৰ তেৰ নদীৰ পাৰ হৈ সদৌ ইজৰাইলৰ পৰা এটা পৰ্যটনক দল আহি উপস্থিত হৈছে
গুপ্তকাসী বিশ্বনাথ ঘাটত ।
প্ৰতি বছৰৰ শেষৰ ফালে পৰ্যটকৰ আগমন হয় এই পৰ্যটন নগৰী বিশ্বনাথ ঘাটত ।
ব্যতিক্ৰমী নহয় এই বৰ্ষও । ইজৰাইলৰ পৰা অহা ৫ গৰাকী পৰ্যটকৰ আগমনে এতিয়া কঢ়িয়াই আনিছে যেন নতুন বৰ্ষৰ বতৰা ।
ইফালে বিশ্বনাথৰ গ্ৰীণ আচিয়ানা ৰিৰ্জটৰ স্বাত্বাধিকাৰী কিশোৰ হাজৰিকাই প্ৰকাশ কৰে যে এই বিদেশী পৰ্যটক সকলে অসমীয়া সাংস্কৃতিক দেখা পাই উৎফুল্লিত হৈ পৰিছে ।
এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ এক প্ৰতিবেদন
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম