বিশ্বনাথ, 22 ফেব্ৰুৱাৰীঃ গুপ্তকাশী বিশ্বনাথ ঘাটত শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত হয় তিনিদিনিয়াকৈ মহাযজ্ঞ ৷ এই অনুষ্ঠানত উপস্থিত হয় অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰ ।
বিশ্বনাথ জিলা অন্তৰ্গত বিশ্বনাথ চাৰিআলি চহৰৰ পৰা উত্তৰ দিশে আছে গুপ্তকাশী বিশ্বনাথঘাট । য'ত আছে আহোম যুগৰ বিভিন্ন মঠ মন্দিৰ দেৱালয় । উল্লেখযোগ্য যে, আহোম ৰাজত্ব কালৰ পৰাই গুপ্তকাশী বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত গ্ৰীণ আচিয়ানাই আয়োজন কৰিছে শিৱৰাত্ৰি উপলক্ষে মহাযজ্ঞ । বিশ্ব আৰু অসমৰ শান্তিৰ বাবে তিনিদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানটিত গ্ৰীণ আচিয়ানাই এইবাৰ সুদূৰ কাশীৰ পৰা পুৰুহিত আনি পূজা অৰ্চণা কৰিছে । আনহাতে দ্বিতীয় দিনটোৰ কাৰ্যসূচীত বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত উপস্থিত হয় অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ । মন্ত্ৰী গৰাকীয়ে গ্ৰীণ আচিয়ানাই নিৰ্মাণ কৰিবলৈ লোৱা আধ্যাত্মিক আৰু যোগকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে । ইফালে সেই স্থানতে কিশোৰ হাজৰিকাই আন এটা সিদ্ধেশ্বৰ দেৱালয়ৰ আধাৰশিলা স্থাপন কৰে । একেদৰে বিশ্বনাথৰ উমাটুমণিক বিশ্ব আগত চিনাকি কৰাই পৰ্যটন স্থান হিচাপে গঢ় দিবলৈ অসম চৰকাৰে বিভিন্ন আচনি লোৱাবুলি মন্তব্য কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ তাৰোপৰি অতিশীঘ্ৰে বিশ্বনাথ ঘাটৰ ইপাৰ-সিপাৰ অহা যোৱা কৰিবলৈ ৰ'পৱে নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । এই অনুষ্ঠানত অগণন ভক্তই অংশগ্ৰহণ কৰে আৰু এই মহাযজ্ঞ ২২ ফেব্ৰুৱাৰীত অন্ত পৰিব ।