বিশ্বনাথ, 20 জানুৱাৰী: মঙলবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে বিশ্বনাথত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দত্ত ৷ বটিয়ামাৰী চেন্টাৰৰ পৰা বুৰে গুৰিলৈ যোৱা পথটো ফেৱাৰ ব্লকৰ ৰাস্তাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জয়ন্ত হাইস্কুল পৰা বৰাজুলি নেপালী গাৱঁলৈ যোৱা আন এটা পকী পথৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।
আধাৰশিলা স্থাপনৰ পাচত জয়মতী ৰংগমঞ্চৰ নৱ নির্মিত গৃহ উদ্ধোধন কৰি এখন ৰাজহুৱা সভাত অংশ গ্রহণ কৰে বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই ৷ সভাত মন্ত্রী গৰাকীয়ে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক তীব্র সমালোচনা কৰি বিভিন্ন ৰাজনৈতিক দল তথা একাংশ বুদ্ধিজীৱীয়ে ৰাইজক বিপথে পৰিচালিত কৰিলেও আগন্তুক নির্বাচনত বিজেপি দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।
আনহাতে, একাংশ লোকে খিলঞ্জীয়া বিষয়টোক লৈ জনসাধাৰণৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰা দেখা গৈছে । তাৰ মাজতে মঙলবাৰে বিহালীৰ বিহালী মলেশ্বৰ দেৱালয়ত অসম দর্পণ আঁচনি অধীনত ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা মন্ত্রী ৰঞ্জিত দত্তই কয় যে,অসমত বসবাস কৰা কেৱল বৰা,হাজৰিকা,শইকীয়াই খিলঞ্জীয়া নহয় আদিবাসী,বড়ো,নেপালী সকলো লোকেই খিলঞ্জীয়া ৷