ETV Bharat / state

গহপুৰত বিধায়কৰ তৎপৰতাত ৪ টা কোৱাৰেন্টাইন কেন্দ্ৰ সাজু

author img

By

Published : May 16, 2020, 1:15 PM IST

গহপুৰ সমষ্টিত তথ্য অনুসৰি প্ৰায় ৮ হাজাৰ লোকক বহিঃৰাজ্যত আৱদ্ধ হৈ থকা তথ্য পোৱা গৈছে । লগতে এই লোক সকলক নিজ সমষ্টিলৈ আনিবলৈ বিশ্বনাথ জিলা প্ৰশাসন আৰু অসম চৰকাৰে সকলো ব্যৱস্থা কৰি দিয়া বুলি প্ৰকাশ কৰে বিধায়ক উৎপল বৰাই । নিজ সমষ্টিলৈ ওভতাই আনিবলৈ বিশ্বনাথ জিলা প্ৰশাসন আৰু অসম চৰকাৰে সকলো ব্যৱস্থা কৰি দিয়া বুলি প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ।

ETV BHARAT
গহপুৰত বিধায়কৰ তৎপৰতাত ৪ টা কোৱাৰেন্টাইন কেন্দ্ৰ সাজু

বিশ্বনাথ, ১৬ মেঃ গহপুৰত উপস্থিত বিধায়ক উৎপল বৰা ৷ বিধায়ক জনৰ তৎপৰতাত ৪ টা কোৱাৰেন্টাইন কেন্দ্ৰ সাজু হোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰে বিধায়ক জনে । বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক নিজ সমষ্টিলৈ ওভতাই আনিবলৈ বিশ্বনাথ জিলা প্ৰশাসন আৰু অসম চৰকাৰে সকলো ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

ইতিমধ্যে অসমৰ কেইবাশ লোক বৰ্তমান নিজ নিজ জিলাত প্ৰৱেশ কৰিছে । এই লোকসকলৰ ভিতৰত বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ প্ৰায় ৮ হাজাৰ লোক বহিঃৰাজ্যত আৱদ্ধ হৈ থকা তথ্য প্ৰকাশ কৰিছে গহপুৰ বিধায়ক উৎপল বৰাই । ইটিভি ভাৰত অসমৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিধায়ক উৎপল বৰাই প্ৰকাশ কৰে । লক ডাউনৰ সময়ত সমষ্টিৰ ৭৩০০ লোকক অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিদেৰ্শত আমি ২০০০ হাজাৰ কৈ টকা দিছো আৰু তথ্য অনুসৰি প্ৰায় ৮ হাজাৰ লোকক বহিঃৰাজ্যত আৱদ্ধ হৈ থকা বুলি গম পাইছো । এই লোক সকলক নিজ সমষ্টিলৈ ওভতাই আনিবলৈ বিশ্বনাথ জিলা প্ৰশাসন আৰু অসম চৰকাৰে সকলো ব্যৱস্থা কৰি দিয়া বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

এই লোক সকলৰ বাবে প্ৰথম পৰ্যায়ত ৪ টাকৈ কোৱাৰেন্টাইন কেন্দ্ৰ সাজু কৰি ৰখা হৈছে বুলি উল্লেখ কৰে বিধায়ক উৎপল বৰাই । তাৰোপৰি এই চাৰিটা কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰথম পৰ্যায়ৰ ৫ শ লোক ৰখা ওপৰিও প্ৰয়োজন সাপেক্ষে আৰু ৪/৫ টা কোৱাৰেন্টাইন কেন্দ্ৰ সাজু কৰি ৰখা হৈছে । ইফালে এই কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক সকলক পৰিচালনা কৰিবলৈ সমষ্টিটোত দুটা উন্নয়ন খণ্ড দুজকৈ বিষয়াক লৈ এখন কমিটী গঠন কৰি কৰি দায়িত্ব দিয়া হৈছে বুলি প্ৰকাশ কৰে । আনহাতে,একমাত্ৰ ব্লক পৰ্যায়তে সীমাবদ্ধ নাথাকে প্ৰয়োজন সাপেক্ষে গাঁৱৰ পৰ্যায়তো কমিটী গঠন কৰি হোম কোৱাৰেন্টাইন কৰা ব্যৱস্থা কৰা হ'ব । সেই সময় চোৱাত তেওঁলোকৰ পৰিয়ালকো সেই পঞ্চায়তে সকলো খাদ্য সামগ্ৰী যোগান ধৰিব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক-হাজোত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.