ETV Bharat / state

বিহালীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - বিহালীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ মৃতদেহ

বিহালীৰ বৰাজুলীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ(Half melted body recovered at Bihali) ৷ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

বিহালীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 23, 2022, 10:07 PM IST

বিশ্বনাথ, 23 ফেব্ৰুৱাৰী : বিহালীৰ বৰাজুলীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ মঙলবাৰে এখন ব্যক্তিগত চাহ বাগিছাত অৰ্ধ গলিত অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটি(Half melted body recovered at Bihali) ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বিহালীৰ বৰাজুলী গাঁৱত বাঘে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাত সেই সময়ত নিজৰ পৰিয়ালক ঘৰৰ ভিতৰত থাকিবলৈ দি বাঘ খেদিবলৈ গৈ প্ৰায় 20 দিন পূৰ্বে নিৰুদ্দেশ হৈছিল লোকজন | পৰবৰ্তী সময়ত লোকজনক পৰিয়ালবৰ্গই বিচাৰ খোচাৰ কৰাৰ লগতে আত্মীয় স্বজনকো যোগাযোগ কৰি খবৰ লোৱাৰ পাছতো কোনো সন্ধান লাভ কৰা নাছিল । কিন্তু মঙলবাৰে হঠাৎ নিৰুদ্দেশ হোৱা লোকজনৰ মৃতদেহ এখন চাহ বাগিছাৰ মাজত মুণ্ডহীনভাৱে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ বিহালীত ।

বিহালীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ লোকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই যদিও স্থানীয় ৰাইজৰ মতে বাঘে আক্ৰমণ কৰি লোকজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, বিহালীৰ বিভিন্ন স্থানত এতিয়াও অব্যাহত আছে বাঘৰ আতংক (Menace of tiger at Bihali) । বিহালীত দীৰ্ঘদিনৰ পৰাই বাঘে পশুধন ভক্ষণ কৰি উপদ্ৰৱ চলাই আহিছে যদিও আজি পৰ্যন্ত বন বিভাগৰ লোকে বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ ক্ষেত্ৰত বিফল হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ বন বিভাগৰ লোকক বাৰম্বাৰ এই সন্দৰ্ভত স্থানীয় ৰাইজে অৱগত কৰি আহিছিল যদিও আজি পৰ্যন্ত কোনো উচিত পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : ভলীবলৰ নেটেৰে বাঘ ধৰিবলৈ গৈ ব্যৰ্থ বন-বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.