ETV Bharat / state

আধাৰশিলা স্থাপনত ব্যস্ত বিধায়ক উৎপল বৰা

author img

By

Published : Feb 21, 2021, 11:35 AM IST

শনিবাৰে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণী গাঁও পঞ্চায়তৰ অধীনৰ ডিপৰা গাঁৱত আধাৰশিলা স্থাপন কৰে বিধায়ক উৎপল বৰাই ৷

as_biswanath_802_20_f_gohpur_model_village_vis_byte_photo_scrpr_as10018
গহপুৰ ডিপৰাত আৰ্দশ গাঁৱৰ আধাৰশিলা স্থাপন বিধায়ক উৎপল বৰাৰ

বিশ্বনাথ, 21 ফেব্ৰুৱাৰী: অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত গহপুৰ ডিপৰাত আদৰ্শ গাঁৱৰ আধাৰশিলা স্থাপন বিধায়ক উৎপল বৰাৰ ৷ শনিবাৰে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণী গাঁও পঞ্চায়ত অধীনৰ ডিপৰা গাঁৱৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ বৰাই কয়, আদৰ্শ গাঁওসমূহত সকলো নাগৰিকলৈ অনাময়ৰ সা-সুবিধা, পথ, নলা-নৰ্দমা, বিদ্যুৎ, খোৱা পানী, বিদ্যালয়, স্বাস্থ্য সেৱা প্ৰতিষ্ঠান নিৰ্মাণৰ লেখীয়া উন্নতমানৰ ৰাজহুৱা সেৱাসমূহ উপলব্ধ কৰা লগতে বিভিন্ন উন্নয়নমূলক কাম কৰা হ'ব ৷ ইয়াৰ উপৰিও বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহ উন্নত কৰি পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে ।

গহপুৰ বিধানসভা সমষ্টিৰ দুখন আদৰ্শ গাঁৱৰ অংশ হিচাপে শনিবাৰে ডিপৰা বৰ নামঘৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক উৎপল বৰাই । আনহাতে বৰাই আধাৰশিলা অনুষ্ঠানত কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু প্ৰাক্তন বিধায়ক ৰিপুণ বৰাক কঠোৰ সমালোচনা কৰে । বিগত ১৫ টা বছৰে সমষ্টিত একো উন্নয়ন নকৰিলে ৰিপুণ বৰাই । য'ত ১৫ বছৰ কংগ্ৰেছে উন্নয়ন কৰিব নোৱাৰিলে, তাত মই ৪ বছৰত উন্নতি কৰিলো বুলি উল্লেখ কৰে বিধায়ক উৎপল বৰাই ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিৰ লাভ কৰা পাছতে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত অসম আদৰ্শ গ্ৰাম যোজনা শীৰ্ষক এক নতুন আঁচনিৰ কথা উল্লেখ কৰিছিল অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । গাঁৱৰ উন্নয়ন হ’লেহে অসমৰ উন্নয়ন সম্ভৱ বুলি প্ৰকাশ কৰিছিল মন্ত্ৰী গৰাকীয়ে । সমান্তৰালকৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গাঁৱৰ সৰ্বাংগীণ বিকাশত অধিক গুৰুত্ব দিয়াৰ লগতে গাঁৱৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বিভিন্ন সভা-সমিতি লগতে বাজেটৰ সময়তো উল্লেখ কৰিছিল ।

অসম চৰকাৰে এই ‘অসম আদৰ্শ গ্ৰাম যোজনা’ আঁচনিৰ অধীনত অসমৰ একাংশ পিছপৰা গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা বাবে বিভিন্ন বিভাগৰ জৰিয়তে এক বৃহৎ আঁচনি প্ৰস্তুত কৰিছিল । সেই আঁচনিৰ জৰিয়তে পিছপৰা গাঁওসমূহ একো একোখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে বিজেপি চৰকাৰে আগ-ভাগ লৈ বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰি সেই মৰ্মে প্ৰতিখন গাঁৱৰ উন্নয়নৰ বাবে ৫ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক-পুনৰ ক'ভিড ! মুখ্য সচিবে জাৰি কৰিছে জৰুৰী নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.