ETV Bharat / state

বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন - RABHA DIWAS

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে বৃহস্পতিবাৰে বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱসৰ আয়োজন ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় চিত্ৰশিল্পীসকলৰ প্ৰদৰ্শনীমূলক ছবি অংকন কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন ৷

বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন
author img

By

Published : Jun 20, 2019, 4:17 AM IST

বিশ্বনাথ, 19 জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হ'ব ৷ ৰাভা দিৱসৰ লগত সংগতি ৰাখি পুৱা 10 বজাৰ পৰা আমন্ত্ৰিত স্থানীয় চিত্ৰশিল্পীসকলৰ এক প্ৰদৰ্শনীমূলক ছবি অংকন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । বিশ্বনাথৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যক 'থীম'ৰূপে লৈ দহগৰাকীৰো অধিক শিল্পীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত থিতাতে একোখনকৈ ছবি অংকন কৰিব ।

নিৰ্বাচিত ছবিসমূহ উপায়ুক্তৰ কাৰ্যালয়, সভাকক্ষ, আৱৰ্ত ভৱন আদিত প্ৰদৰ্শন তথা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । ৰাভা দিৱস উপলক্ষ্যে সেইদিনা বিয়লি স্থানীয় শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । পুৱা 10 বজাত কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে আৰম্ভ হ'বলগীয়া ৰাভা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰী, কলা-সংস্কৃতিপ্ৰেমী ৰাইজক নিমন্ত্ৰণ জনাইছে বিশ্বনাখ জিলা প্ৰশাসনে ।

Intro:as_biswanath_19_june_802_dc_ press_list_photo_as10018Body:as_biswanath_19_june_802_dc_ press_list_photo_as10018Conclusion:

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা প্ৰশাসন উদ্যোগতো কাইলৈ, ২০ জুন, ২০১৯ তাৰিখে বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে।

দিৱসৰ লগত সংগতি ৰাখি পুৱা ১০ বজাৰ পৰা আমন্ত্ৰিত স্থানীয় চিত্ৰশিল্পীসকলৰ দ্বাৰা এক প্ৰদৰ্শনীমূলক ছবি অংকন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
বিশ্বনাথৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যক 'থীম'ৰূপে লৈ দহগৰাকীৰো অধিক শিল্পীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত থিতাতে একোখনকৈ ছবি অংকন কৰিব।

নিৰ্বাচিত ছবিসমূহ উপায়ুক্তৰ কাৰ্যালয়, সভাকক্ষ, আৱৰ্ত ভৱন আদিত প্ৰদৰ্শন তথা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। বিয়লিলৈ স্থানীয় শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক ৰাভা-সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

পুৱা ১০ বজাত কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে আৰম্ভ হ'বলগীয়া এই দিনজোৰা কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয় অংশগ্ৰহণ কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰী, সদাশয় কলা-সংস্কৃতিপ্ৰেমী ৰাইজ আৰু সাংবাদিক বন্ধুসকলক সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
বি:দ্ৰ:
ফটো খন জনসংযোগ তৰফৰ পৰা যোগান ধৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.