ETV Bharat / state

বিশ্বনাথ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন ক'ভিড আক্ৰান্ত ৰোগীৰ

বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ আলমিন শ্বেখ নামৰ ব্যক্তিজনৰ ৷ কলকাতাৰ পৰা দুই সতীৰ্থৰ সৈতে আহিছিল লোকজন ৷ লোকজনৰ স্বাৱ টেষ্ট কৰি কোৱাৰেন্টাইন কেন্দ্ৰতেই ৰখা হৈছিল ৷ কিন্তু আজি ক'ভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ পাছতেই লোকজনে পলায়ন কৰে কেন্দ্ৰটোৰ পৰা ৷

Biswanath_covid_positive_ Escape
বিশ্বনাথ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কোভিড আক্ৰান্ত ৰোগীৰ
author img

By

Published : Jul 23, 2020, 10:26 PM IST

বিশ্বনাথ ২৩ জুলাই: বিশ্বনাথৰ কোৱাৰেন্টাইন চেন্টাৰত অঘটন । কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ক'ভিড আক্ৰান্ত ৰোগীৰ ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল লোকজন । পলায়ন কৰা ব্যক্তিজন পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ আলমিন শ্বেখ বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ২০ জুলাইত কলকাতাৰ পৰা দুজন সহযোগীৰ সৈতে আহিছিল ব্যক্তিজন । ব্যক্তিজনক স্বাৱ সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে প্ৰেৰণ কৰিছিল কোৱাৰেন্টাইন চেন্টাৰলৈ ৷ কিন্তু ব্যক্তিজন আজি ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছতেই কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা পলায়ন কৰে আলমিন শ্বেখ নামৰ ক'ভিড আক্ৰান্ত লোকজনে ৷

Biswanath_covid_positive_ Escape
বিশ্বনাথ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কোভিড আক্ৰান্ত ৰোগীৰ

জানিব পৰা মতে, চতিয়া আৰক্ষী থানা অন্তৰ্গত উদয়পুৰৰ এটা ভাড়াঘৰত থাকি গাঁৱে-গাঁৱে দীৰ্ঘদিন ধৰি বস্তু বিক্ৰী কৰি আহিছিল লোকজনে । বুধবাৰে নিশা ক'ভিড পজিটিভ হোৱা খবৰটো ব্যক্তিজনে পোৱাৰ পিছতে পলায়ন কৰে কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা ৷ গা ধুবলৈ বুলি ওলাই যোৱা লোকজন হঠাৎ অন্তৰ্ধান হোৱাত হাহাকাৰ লাগে কোৱাৰেণ্টাইন চেন্টাৰটোত পহৰা দিয়া দেহৰক্ষী আৰু দায়িত্ব থকা বিষয়াসকলৰ মাজত ।

অন্য এক খবৰৰ বাবে: ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্য

ইফালে,ব্যক্তিজনক চিকিৎসাৰ বাবে ক'ভিড চিকিৎসালয়লৈ নিবলৈ ১০৮ এম্বুলেঞ্চ কৰ্মচাৰীৰ এটা দল কোৱাৰেণ্টাইন কেন্দ্ৰটোত আহে যদিও ব্যক্তিজনক নাপাই উভতি যাবলগীয়া হয় ৷ স্বাস্থ্য বিভাগৰ লোকে বাৰে-বাৰে ফোন কৰিও যোগাযোগ কৰিব নোৱাৰিলে আলমিনক ৷ ঘটনাৰ পিছতে কোৱাৰেণ্টাইন কেন্দ্ৰটোত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

আৰক্ষীয়ে ম'বাইল ট্ৰেক কৰি পোৱা তথ্য অনুসৰি,আজি পুৱা ৫ বজালৈকে বিশ্বনাথ চাৰিআলিৰ মধুপুৰত আছিল পলায়ন কৰা ব্যক্তিজন ৷ উল্লেখযোগ্য যে আন্তঃজিলা যাতায়াত চৰকাৰে বন্ধ কৰি দিয়াৰ পৰিপেক্ষিতত দুৰণিবটীয়া ট্ৰাকত উঠি আলমিনে পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । আনহাতে, আলমিনৰ লগত একেলগে পশ্চিম বংগৰ পৰা অহা দুজন সহযোগী এতিয়াও কোৱাৰেণ্টাইন কেন্দ্ৰতে থকা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতে সমগ্ৰ বিশ্বনাথতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.