ETV Bharat / state

সিন্ধি খান্দি চোৰে লুটিলে নগদ ধন

author img

By

Published : Feb 7, 2021, 11:05 AM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কলগাছিয়াৰ সাহজাহান আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা শনিবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ সিন্ধি খান্দি চোৰে লুটিলে নগদ ৫ হেজাৰ টকাৰ লগতে ১ লাখটকীয়া এখন চেক ৷

বোপা-ককা দিনৰ প্ৰন্থাৰে কলগাছিয়াত চুৰি
বোপা-ককা দিনৰ প্ৰন্থাৰে কলগাছিয়াত চুৰি

জনীয়া,7 ফেব্ৰুৱাৰী: কলগাছিয়াত সংঘটিত হৈছে এক চুৰি কাণ্ড । এইবাৰ চোৰে চুৰ কৰিবলৈ অৱলম্বন কৰিলে বোপা-ককাৰ দিনৰ পন্থা ৷ পশ্চিম কলগাছিয়াত শনিবাৰে নিশা সিন্ধি খান্দি চোৰে লুটিলে নগদ ধনসহ এখন লক্ষাধিক মূল্যৰ চেক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কলগাছিয়াৰ সাহজাহান আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা শনিবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ সিন্ধি খান্দি চোৰে লুটিলে নগদ ৫ হেজাৰ টকাসহ ১ লাখ টকাৰ এখন চেক ৷ উল্লেখ্য যে, এইগৰাকী ব্যক্তিৰ ঘৰত এনে ঘটনা সংঘটিত হোৱা এয়ে প্ৰথম নহয় ৷ পূৰ্বতেও বহুবাৰ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত হৈছে চুৰি কাণ্ড ৷ কিন্তু কলগাছিয়া আৰক্ষীয়ে এইক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ ইয়াৰ পিছতে কলগাছিয়াত সঘনে সংঘটিত এনে চুৰি কাণ্ডৰ বিষয়ে সঠিকভাৱে তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : বিশ্বনাথ আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.