বৰপেটা, 14 ডিচেম্বৰ : টিটেনাচ আৰু ডিফথেৰিয়া ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা বৰপেটা জিলাত আৰম্ভ হৈছে টীকাকৰণ অভিযান ৷ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জনোৱা মতে, 10 বছৰৰ ওপৰৰ শিশু সকলক ডিপথেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষাৰ উদ্দেশ্যে জিলাখনত টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক : চত্তিশগড়ত আই ই ডি বিস্ফোৰণত আহত চিআৰপিএফ বিষয়াৰ মৃত্যু
উল্লেখ্য যে, শিশুসকলৰ বাবে ডিপথেৰিয়া আৰু টিটেনাছ দুয়োটা অতি ভয়ানক ৰোগ । 5 বছৰৰ অধিক বয়সৰ শিশুসকলে যিহেতু ডিপথেৰিয়াত আক্ৰান্ত হয় সেয়ে এই ৰোগ বিধ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে টীকাকৰণ অভিযান আৰম্ভ কৰিছে ৷ সোমবাৰৰ পৰা 15 দিন ধৰি চলিব টীকাকৰণ কাৰ্যসূচী ৷ বৰপেটা জিলাৰ 10 বছৰৰ পৰা 16 বছৰ বয়সৰ প্ৰায় 98,418 জন শিশুক প্ৰদান কৰা হ'ব টীকা ৷ ইপিনে, চৰাঞ্চলকে ধৰি জিলাখনৰ দুৰ্গম আৰু ভিতৰুৱা অঞ্চলসমূহৰো প্ৰতিজন শিশু-কিশোৰক টীকাকৰণ কৰা হ'ব ৷
লগতে পঢ়ক : কেৰালা পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ ভিৰ