বৰপেটা,20জুনঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ সংবাদমেলত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত কোনো বস্ত্ৰ বোৱা কথাটো সমৰ্থন নকৰে বুলি প্ৰকাশ কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷
মাজুলীৰ দক্ষিণপাট সত্ৰই বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত নতুনকৈ আন এখন বস্ত্ৰ বোৱা কথা কোনোপধ্যে সমৰ্থন নকৰে বুলিও প্ৰকাশ কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ কোঁচ ৰজা নৰনাৰায়নৰ অনুৰোধমৰ্মে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিৰ্মাণ কৰিছিল বৃন্দাৱনী বস্ত্ৰ ৷ গুৰুজনাক ৰাজভঁৰালৰ পৰা সূতা,ৰং আদি সকলো সহায় কৰাৰ আশ্বাস দিয়াৰ পিচতে ৰজা নৰনাৰায়নৰ আগ্ৰহক সন্মান জনাই গুৰুজনাই শ্ৰীকৃষ্ণৰ লীলা বৰ্ণিত বৃন্দাবনী বস্ত্ৰখন তাঁতত বৈ উলিয়াইছিল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা,মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰিচালনা আৰু সুদক্ষ তাঁতী গোপাল আতাৰ আধ্যাত্মিক শিল্প কৰ্মৰ ফচল বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত কোনো কোনো সত্ৰই পুনৰ বস্ত্ৰখনি বয় উলিয়াবলৈ চেষ্টা চলাই আহিছে ৷ এই বৃন্দাৱনী বস্ত্ৰৰ লগত বৰপেটা সত্ৰৰ ঐতিহ্য,পৰম্পৰা আৰু মৰ্যদাৰ ছশ বছৰীয়া সম্পৰ্ক ৰক্ষিত হৈ আছে ৷ সেয়েহে বৰপেটা সত্ৰৰ বৈঠকী সমূহৰ সভাই কোনো সত্ৰ বা অনুষ্ঠানক কেতিয়াও বৃন্দাবনী বস্ত্ৰ বোৱাৰ আজ্ঞা প্ৰদান নকৰে বুলি সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে ৷
লগতে আন এটা বাতৰি- বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন