ETV Bharat / state

বৰপেটাৰোডত সাংবাদিক নিগ্ৰহৰ ঘটনা

author img

By

Published : Oct 26, 2020, 4:51 PM IST

বৰপেটা প্ৰেছ ক্লাবৰ উপ-সভাপতি তথা ইটিভি ভাৰতৰ সংবাদদাতা আব্দুল খালেক আহমেদক দেওবাৰে নিশা আক্ৰমণ কৰি আহত কৰে দুৰ্বৃত্তই ৷ এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ ৷ ঘটনা সন্দৰ্ভত সোমবাৰে প্ৰতিবাদী সভা অনুষ্ঠিত হয় বৰপেটাৰোড প্ৰেছ ক্লাবত ৷

Journalist attack at barpeta road assam etv bharat news
সাংবাদিক নিগ্ৰহ

বৰপেটা,26 অক্টোবৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ বৰপেটা প্ৰেছ ক্লাবৰ উপ-সভাপতি তথা ইটিভি ভাৰতৰ সংবাদদাতা আব্দুল খালেক আহমেদক দেওবাৰে নিশা আক্ৰমণ কৰি আহত কৰে দুৰ্বৃত্তই ৷ ঘটনাৰ বিৱৰণী অনুসৰি,দেওবাৰে নিশা প্ৰায় 11.30 বজাত উত্তৰ বৰপেটাৰোডৰ মেইন ৰোড এলেকাত দুই পক্ষৰ মাজত কোনো অজ্ঞাত কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ উক্ত কাজিয়াৰ খবৰ লাভ কৰি সংবাদদাতা গৰাকী বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হয় ৷ লগতে সংবাদদাতাগৰাকীয়ে ভিডিঅ’ কৰিবলৈ ধৰে ৷ উক্ত কাৰ্যতে খড়্গহস্ত হৈ একাংশ লোকে আব্দুল খালেক আহমেদক প্ৰহাৰ কৰাৰ লগতে দুটাকৈ ম’বাইল কাঢ়ি লয় ৷ সেই সময়ত ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী থানাৰ একাংশ আৰক্ষী উপস্থিত আছিল যদিও উক্ত কাৰ্যত বাধা আৰোপ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী সাংবাদিকগৰাকীয়ে ৷

সাংবাদিক নিগ্ৰহ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বিজেপি নেতা সুজিৎ সৰকাৰ ওৰফে টেপাই ৷ বিজেপি নেতাগৰাকীয়ে সাংবাদিকগৰাকীক কিয় মিছা বাতৰি পৰিৱেশন কৰিছে বুলি প্ৰশ্ন কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ ইয়াৰ পিছতে স্বজল সৰকাৰ নামৰ এজন যুৱকৰ নেতৃত্বত আন কেইগৰাকীমান যুৱকে সাংবাদিকগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিকগৰাকীয়ে ৷ অৱশেষত সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে সাংবাদিক আব্দুল খালেক আহমেদে ৷ সোমবাৰে পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সাংবাদিকগৰাকীক ৷ তদুপৰি বৰপেটাৰোড প্ৰেছ ক্লাবত উক্ত ঘটনা সন্দৰ্ভত সোমবাৰে এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাখনত আৰক্ষীৰ ভূমিকা সম্পৰ্কে ক্ষুৰধাৰ সমালোচনা কৰে উপস্থিত প্ৰেছ ক্লাবৰ সদস্যসকলে ৷

লগতে চাওকঃ ডিব্ৰুগড়ত ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.