ETV Bharat / state

Bapuji College Golden Jubilee : সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

বৰপেটাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত (Golden Jubilee of Bapuji College Sarthebari) শুকুৰবাৰে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকীয়ে বাপুজী মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰথমতে 'গাৰ্ড অব অনাৰ' গ্ৰহণ কৰে ৷

Barpeta
Barpeta
author img

By

Published : Nov 18, 2022, 3:52 PM IST

Updated : Nov 18, 2022, 4:52 PM IST

বৰপেটা, ১৮ নৱেম্বৰ : বৰপেটাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত (Golden Jubilee of Bapuji College Sarthebari) শুকুৰবাৰে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকীয়ে বাপুজী মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰথমতে 'গাৰ্ড অব অনাৰ' গ্ৰহণ কৰে (Governor of Assam Prof Jagdish Mukhi) ৷

ইয়াৰ পিছতে ৰাজ্যপাল জগদীশ মুখীয়ে বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে আয়োজন কৰা উদ্বোধনী অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰে (Golden Jubilee closing ceremony of Bapuji College) ৷ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভাৰ বন্তি প্ৰজ্বলন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

ইয়াৰ পিছতে ৰাজ্যপালগৰাকীয়ে বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ আনহাতে, উদ্বোধনী ভাষণত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে মহাত্মা গান্ধীৰ (Mahatma Gandhi) নামেৰে স্থাপিত বাপুজী মহাবিদ্যালয়ে সৰুক্ষেত্ৰী অঞ্চলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ঠ অৰিহণা আগবঢ়াইছে ৷

Bapuji College Golden Jubilee : সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

সৰুক্ষেত্ৰী অঞ্চলৰ জ্ঞানৰ বন্তি বাপুজী মহাবিদ্যালয়খনে ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে উদযাপন কৰা সোণালী জয়ন্তী অঞ্চলটোৰ গৌৰৱৰ বিষয় ৷ উল্লেখ্য, বাপুজী মহাবিদ্যালয়ত কেৱল কলা শাখাতহে শিক্ষা প্ৰদান কৰা হয় । সেয়ে ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনত বিজ্ঞান শাখা খোলাৰ বাবে চৰকাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও প্ৰকাশ কৰে ৷ তেওঁৰ বক্তব্যত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে দুৰ্বাৰ হাবিয়াস থাকিব লাগে বুলি মন্তব্য কৰে (Governor at Bapuji College Sarthebari) ৷

ইয়াৰ বাবে শিক্ষক আৰু অভিভাৱকৰ সহযোগ লাগিব বুলিও মন্তব্য ৰাজ্যপালৰ ৷ আনহাতে, ৰাজ্যপাল জগদীশ মুখীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (National Education Policy) সম্পৰ্কেও মন্তব্য কৰি কয়, দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিচতো দেশত ইংৰাজৰ দিনৰ শিক্ষা ব্যৱস্থাই চলি আছে । বিগত ৫-৬ বছৰ ধৰি নতুন শিক্ষানীতি প্ৰস্তুতৰ কামত কেইবা হাজাৰো লোক জড়িত হৈ আছে ৷

প্ৰায় ৩৮ হাজাৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি শিক্ষা নীতি প্ৰস্তুত কৰা হৈছে ৷ নতুন শিক্ষা নীতিয়ে শৈক্ষিক ক্ষেত্ৰত আমুল পৰিৱৰ্তন সাধন কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিৱৰ্তন কৰাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি নতুন শিক্ষা নীতিত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ বিনষ্ট নহয় বুলিও মন্তব্য কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

লগতে পঢ়ক :Assam Sahitya Sabha : অসম সাহিত্য সভাৰ নিৰ্বাচনত ৰিগিং !

Last Updated : Nov 18, 2022, 4:52 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.